Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

ছয় ঋতুৰ ডাক

(গীত)

জহ জাৰ বাৰিষাৰে মিলি-জুলি লবা।
নহলে তোমাৰ নাও বুৰিব জানিবা॥

বসন্তই কুউবায়, সুহুৰি ফুৰ্ফুৰ।
জানে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ॥
জহৰ তপত মাত যেনে চেঙা পানী।
বাৰিষাই ঘৰ্ঘৰায়, ৰিং মাৰে টানি॥
জহ, জাৰ, বাৰিষাৰে—- ইত্যাদি।

পানী-লগা হেমন্তই হাঁচিঔ মাতে।
আজোৰত চুৰিয়াৰ খোচানাটো ফাটে॥
চন্দ্ৰাৱলী শৰতৰ নূপুৰৰ ধ্বনি
মন কাণ পাতি দিলে ভালকৈয়ে শুনি॥
জহ, জাৰ, বাৰিষাৰে—– ইত্যাদি।

১৮৩১ শক, আঘোণ। ঝাৰসোগোড়।

উৎস: কদম-কলি (১৯১৩), পৃ. ৩০ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

সাধুবান্দৰ আৰু শিয়ালএটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক’ত কি…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুমেকুৰীৰ জীয়েকৰ সাধুএঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজন…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুবুঢ়া-বুঢ়ী আৰু শিয়ালএহাল বুঢ়া-বুঢ়ী আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কিছুমান শিয়াল আহি বুঢ়াক মাত লগালে,— “…বুঢ়ী আইৰ সাধুপঢ়ক →কবিতাপ্ৰেমব্ৰহ্মাণ্ডৰ সত্ত্ব যিটো পৰিছে নিজৰি;কদম-কলিপঢ়ক →সাধুতেজীমলাএক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুচম্পাৱতীএসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী …বুঢ়ী আইৰ সাধুপঢ়ক →
লক্ষ্মীনাথ বেজবৰুৱা — লেখকৰ পৃষ্ঠা →