কাবৌ কৰিছোঁ দেবী নোলাবাঁ নোলাবাঁ,
আকৌ বেকাই চকু মোলৈ নেচাবাঁ।
আছেনে মনত দেবী তাহানিৰ কথা,
মেঘৰ বুকুত দেখি তোমাৰ ই লতা,
ৰূপত বলিয়া হৈ,
সকলোকে কাতি কৈ,
ৰূপহ জেউতি ঢালি,
এটিবাৰ হাঁহা বুলি,
কাবৌ কোকালি কৰি কিমান মাতিলোঁ!
নাপাই তোমাক দেখা কিমান কান্দিলোঁ।
চাপৰিত ঠিয় হৈ,
বতৰত খং থৈ,
আম পুলিটিৰ দৰে কত কাল খপিলোঁ;
ঢেৰেকনি ধুমুহাৰ,
স্বৰগৰ চোকা ধাৰ,
একোকে নকৰি ভয় তোমাকেই ভজিলোঁ;
হৃদয়ৰ হৃদয়তো সি ৰূপকে জপিলোঁ।
তথাপিতো হাঁয় হাঁয়,
দেখি মোৰ সি বিলাই,
এবাৰো নোলালা দেবি, এবাৰো নোলালা,
ধাৰাসাৰে কন্দুৱাই শুদা ৰং চালা।
ভালপোৱা বোলে কাক,
আপুনি শিকালা তাক,
খুজিলত ভাল পোৱা কিন্তু হায় নিদিলা,
পিয়াহ লগাই কিয় পানী নিদি বধিলা।
কিমান যুজিলোঁ মই উজাবৰ গুণে,
নিৰাসাৰ চেচুক সোতত,
লাল কাল হলোঁ ভাগৰত,
হাত ভৰি ঠেৰেঙা লাগিল,
ভালপোৱা কুঁহিতে ভাগিল,
মেঘত চৰা বিজুলী, আকাশ-কুসুম বুলি,
দুনাই তোমাক দেখা—দুৰাশাক তেজিলোঁ,
হুমুনিয়া টানি টানি,
আপোন কপাল মানি,
বুকুত সাবটি হাত কামনা তিয়াগিলোঁ,
চাপৰিৰ আমপুলি চাপৰিতে থাকিলোঁ।
থাকোঁতে মৰাৰ প্ৰায়,
বগাবৰ ছল পাই,
এজুপি লাহৰী লতা মাধৈমালতী;
মেৰাই মেৰাই মোক ললেহি সাবটি,
নিচেই কোমল লতা,
নাজানে একোকে কথা,
কেবল মাথোন জানে মৰম কৰিব,
ৰদৰ তাপত মোক আবৰি ধৰিব।
নেজানে কি সুখ দুখ,
সদাই হাঁহিৰে মুখ,
নিতৌ নিতৌ দেবী ন ফুল ফুলাই,
ৰাখিছে মনক মোৰ দুখ পাহৰাই;
আৰু মোত কথা নাই,
এটি সুখ-স্বপ্ন পাই,
ধায়েঁ ধৰা লৰাৰ নিচিনা শুদা হাঁহিছোঁ,
নজগাবা দেবি মোক হাত জুৰি মাতিছোঁ।
এতিয়াও লাগে মিঠা তোমাৰ হাঁহিটি,
দেখিলে তোমাক বাজে প্ৰেমৰ বাঁহীটি,
কিন্তু মোৰ লাগে ভয়,
জানো পাছে পৰে জঁয়,
লতাজুপি মোৰ দেবি ঢেৰেকনি শুনি,
সিতো হাঁয় শুনা নাই মেঘৰ গাজনি।
যদি হে স্বৰগ লাগি,
যাওঁ অকস্মাৎ ভাগি,
লতাজুপি আৰু মোৰ কোনে ডাঙি ধৰিব,
আলৈ আথানি হৈ লগতেই পৰিব।
তাতেহে বিজুলী মই
যদিও প্ৰাণে নলয়,
কাবৌ কৰিছোঁ দেবি নোলাবা নোলাবা,
আকৌ বেকাই চকু মোলৈ নেচাবা।
Assamese · অসমীয়া
Related poems
তৰা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
বীণ-বৰাগী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
সকল নিগম লতা (নামঘোষা, ঘোষা ৮–১০) – মাধৱদেৱAssamese Classicsমাধৱদেৱ
কবিতা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
জাতীয় সঙ্গীত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
পৰভাতে সুমৰো গোবিন্দ হৃষীকেশ – মাধৱদেৱAssamese Classicsমাধৱদেৱ



