অনন্ত আকাশে বহি কোন তোমালোক?
কি কাৰণে ধ্যানমগ্ন, কিবা দুখ শোক?
কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ?
সামান্য মানুহ মই নাই পোৱা ওৰ।
পাপ তাপ দুখ ক্লেশ দেখি পৃথিবীৰ,
হৃদয় ব্যথিত জানো, পৰে আখি নীৰ।
শঠতা বিদ্বেষ হিংসা-বিষে জৰ্জ্জৰিত
আমাৰ অন্তৰ দেখি বিদৰিছে চিত?
টিপ্ টিপ্ চকুলো নিয়ঁৰৰ কণা
পেলোৱা শোকত কিবা? একো নাই জনা।
অথবা আকাশী ফুল স্বৰ্গ-উপবনে
ফুলি আছা নুশুকাই সদানন্দ মনে,
সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম-হাঁহি, শোক তাপ নাই।
নতুবা অপূৰ্ব্ব মণি মুকুতা উজ্জ্বল,
বিশ্বপতি বিশ্ব গৃহে কৰে জলমল?
অথবা অযুত কোটী চকু বিধাতাৰ
চতুৰ্দ্দিশ অধঃ উৰ্দ্ধ ব্যাপ্ত চৰাচৰ;
পাপ পুণ্য সুকৃতি দুষ্কৃতি নিৰন্তৰ
দেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ।
নাজানো একোকে মই নিঃকিন মানৱ।
জ্ঞান দিয়াঁ অধমক দেৱ আদিদেৱ!
১৮৩১ শক। ফাগুন, হাওড়া।
Assamese · অসমীয়া
Related poems
কবিতা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
মানৱ বন্দনা – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
জাতীয় গৌৰৱ – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
এপাহি পদুম – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
জয় জয় জাদৱ জলনিধীযাধব ধাতা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
চিৰযৌবন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা




