Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

অৱশেষ

ফুলিল মালতী, ফুলি সৰি পৰি গল।
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰʼল॥
ভাগি গল বীণখনি, ছিগি গল তাঁৰ।
ৰই গল অৱশেষ অমিয়া জোকাৰ॥
পঞ্চত্বত লীন হল তৰুণী সুন্দৰী।
মধুৰ হাঁহিটি মাথো থাকি গল পৰি॥
মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন!
থাকি গল মধুৰতা কিৰিশ কিৰণ।
সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গʼল বলি।
মৃদুল হিল্লোল ৰʼল হৃদয় আকুলি?
আকাঙ্ক্ষাৰ অধীৰতা, উদ্বেগ হিয়াৰ,
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ,
লাহে লাহে আতঁৰিল, ৰ’ল প্ৰতিধ্বনি।
সুৱাগ সমল গʼল, থাকিল বিননি,
ধন গল, জন গল গল কায়ক্লেশ।
সুখ্যাতি অখ্যাতি ৰʼল, আত্মা অৱশেষ॥

১৮৩২ শক। চ’ত, হাওড়া।

উৎস: কদম-কলি (১৯১৩), পৃ. ৪২ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

কবিতাতৰাঅনন্ত আকাশে বহি কোন তোমালোক?কদম-কলিপঢ়ক →কবিতাআমাৰ জন্মভূমিহেৰা আমাৰ জন্মভূমি!কদম-কলিপঢ়ক →সাধুঢোঁৰাকাউৰী আৰু টিপচীচৰাইএক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচীচৰাই আছিল। সিহঁত দুয়ো সখি বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুতেজীমলাএক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুবান্দৰ আৰু শিয়ালএটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক’ত কি…বুঢ়ী আইৰ সাধুপঢ়ক →কবিতাকবিতাশোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,কদম-কলিপঢ়ক →
লক্ষ্মীনাথ বেজবৰুৱা — লেখকৰ পৃষ্ঠা →