Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

বিহু

(গীত)
(সুৰ—“দেউতাৰ পদুলিত, গোন্ধাইছে মধুৰী, কেতেকী মলেমলায়, ঐ গোবিন্দাই ৰাম। )

টকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,
নাচে ডাঙৰীয়া বিহু। (ঐ বিহুৱা কাই!)
নতুনে বছৰটিক, নতুনে কন্যাটীক
আদৰে যেনেকৈ শাহু॥ (ঐ বিহুৱা কাই! )
কুঁহি পাত মেলি গছে আদৰিলে,
আমৰ মল, কুলিৰে মিলি। (ঐ বিহুৱা কাই। )
সৰগৰ বসন্ত, আহাঁ হে আহাঁ হে
আমাৰ পৃথিবীলৈ, বুলি॥ (ঐ বিহুৱা কাই!)
শৰতক জোনে, হেমন্তক ধানে,
বাৰিষাক মৰাইয়ে যেনে,
আদৰি কেনেকৈ নতুনে বছৰটীক
বিহু ডাঙৰীয়াই আনে॥
লৰাই জুনকা, লুৰীয়ে ভুৰুকা,
বোৱাৰী খুন্দিছে চিৰা।
গামোছা, কাপোৰ, পিঠাৰ নাই ওৰ,
ঘৈণীয়ে পাৰিছে পীৰা।
মা হালধীৰে গৰু গাই ধুৱালে,
তৰাৰ ন পঘাৰে বান্ধে।
আম কঠালত ন ফল আশাৰে
ধান-খেৰৰ জৰীৰে ছান্দে॥
মছে সাৰে ঘৰ, পদূলি চোতাল,
বেথায়ে কণী যুঁজায়।
মহৰ যুঁজ এখন, গয়ায়ে পাতিলে,
খুন্দাত ভূঁইয়ে লৰি যায়॥
চাৰি ডেকা বহি পঁচি খেলে কৰে,
চাৰিকো চাৰিয়ে চৰে।
দহ, পঁচি, মাৰি, গুঠি লই কড়ি,
ঢালতে চাপৰি মাৰে॥
ককাইক ভনীয়েকে ন কাপোৰ পিন্ধালে,
সেৱাত পায় “কুশলে হোক”।
দূৰণিতে থকা পুতেকক সুৱঁৰি
মাকে কৰিলে শোক॥
গধূলি গৰু গাই ঘৰ চাপি আহিলে,
কোবে খাই মাখিয়তীৰে।
বোৱাৰী, জীয়ৰী, লৰাৰ হাঁহিৰে
ভৰিল ঘৰ খিকিন্দালিৰে।
টক্ টক্ টক্ টকাই, পোঁ পোঁ পোঁ পেঁপাই,
ধুম ধুম ধুম ঢোলেৰে মিলে।
খম্ খম্ খম্ তালেৰে, চট্‌ চট্ চট্ হাতেৰে,
“বিহু খা, বিহু খা” বোলে॥ (ঐ বিহুৱা কাই!)

১৮৩৩ শক। বহাগ, হাওড়া।

উৎস: কদম-কলি (১৯১৩), পৃ. ৪৫–৪৭ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

লক্ষ্মীনাথ বেজবৰুৱা — লেখকৰ পৃষ্ঠা →