Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

তেজৰে কমলাপতি পৰভাত নিন্দ

ৰাগ: শ্যাম

তেজৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ॥
ৰজনী বিদুৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাড়িয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই।
ব্ৰজবধূ দধি মথে তুৱা গুণ গাই॥
দামে সুদামে ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল॥
ক্ষীৰ লৱণু লৈয়া শিঙা বেত বেণু।
সকালে মেলিয়ো বৎস হেম্বালৱে ধেনু॥
কহয় মাধৱ মাই কিনো তপসাইলা।
ত্ৰিজগতপতি হৰি ৰাখোৱাল পাইলা॥

উৎস: বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তন, শ্ৰীগঙ্গাধৰ বৰকটকী সংগৃহীত (বৰকটকী কোম্পানী, যোৰহাট, ৭ম তাঙৰণ, ১৯৪৫), "পুৱাৰ গীত" অংশ; ৰাগ শ্যাম

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

বৰগীতউঠৰে উঠ বাপু গোপাল হেউঠৰে উঠ বাপু গোপাল হেবৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতনাচে ভালি নাচে মদন গোপালানাচে ভালি নাচে মদন গোপালা।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতমাই মাই খেলত গোপাল গোঁসাইমাই মাই খেলত গোপাল গোঁসাই।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →ঘোষামুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩)মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি।নামঘোষাপঢ়ক →বৰগীতপৰভাতে সুমৰো গোবিন্দ হৃষীকেশপৰভাতে সুমৰো গোবিন্দ হৃষীকেশ।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →ঘোষাসকল নিগম লতা (নামঘোষা, ঘোষা ৮–১০)সকল নিগম লতা, তাৰ অবিনাশী ফল, কৃষ্ণনাম চৈতন্য স্বৰূপ।নামঘোষাপঢ়ক →
মাধৱদেৱ — লেখকৰ পৃষ্ঠা →