Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

উঠৰে উঠ বাপু গোপাল হে

ৰাগ: কৌ

উঠৰে উঠ বাপু গোপাল হে
নিশী পৰভাত ভৈল।
কমল নয়ন বুলি ঘনেঘন
যশোৱা ডাকিবে লৈল॥
মোৰ প্ৰাণধন সুচান্দ বয়ন
গাৱ চালি তেজ নিন্দ।
সৰ্ব্ব পুৰুষৰ শিৰৰ ভূষণ
তুমি সে বাপু গোবিন্দ॥
মোৰ পুত্ৰ বুলি যশোৱা গোৱালী
বুকে বান্ধি কোলে লৈলা।
বয়নে চুম্বন কৰি ঘনে ঘন
আনন্দে মগন ভৈলা॥
সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি ভকতি মিলিল
মূৰুখ মাধৱে বোলে॥

উৎস: বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তন, শ্ৰীগঙ্গাধৰ বৰকটকী সংগৃহীত (বৰকটকী কোম্পানী, যোৰহাট, ৭ম তাঙৰণ, ১৯৪৫), "পুৱাৰ গীত" অংশ; ৰাগ কৌ

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

বৰগীততেজৰে কমলাপতি পৰভাত নিন্দতেজৰে কমলাপতি পৰভাত নিন্দ।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতপৰভাতে সুমৰো গোবিন্দ হৃষীকেশপৰভাতে সুমৰো গোবিন্দ হৃষীকেশ।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতৰাম পৰম ধন চিন্তহু মন ভাইৰাম পৰম ধন চিন্তহু মন ভাই।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতমাই মাই খেলত গোপাল গোঁসাইমাই মাই খেলত গোপাল গোঁসাই।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →ঘোষাসকল নিগম লতা (নামঘোষা, ঘোষা ৮–১০)সকল নিগম লতা, তাৰ অবিনাশী ফল, কৃষ্ণনাম চৈতন্য স্বৰূপ।নামঘোষাপঢ়ক →ঘোষামুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩)মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি।নামঘোষাপঢ়ক →
মাধৱদেৱ — লেখকৰ পৃষ্ঠা →