হে প্ৰিয় লৰা বিলাক এতিয়ালৈকে আমি যি সকল কথা লেখিচোঁ সি অন্য দেশ বিষয়ক কিন্তু যি দেশত তোমলাক আচা তাৰ বিবৰণ নেজানা এতেকে তলত মুঠ্কৈ লেখিলোঁ।
পূৰ্ব্বে চুকাফা নামে আদি অসম ৰজা এই দেশলৈ আহি বৰ পৰাক্ৰমী হৈ সকলোকে তলতিয়া কৰাত তেঁওক লোকে অসম অৰ্থাৎ তেঁওৰ সমান কেৱে নোহোৱা বুলিলত তেঁওৰ দেশৰো নাম অসম হল সেই নিমিত্তে এতিয়া গোটেই খন দেশকে অসম দেশ বোলে। এই দেশৰ নামৰ আদি মূল এই।
অসম দেশৰ উত্তৰ আৰু উত্তৰ পুৰ্ব্ব সীমাত ভোট, অঁকা, ডফলা, আবৰ, মিচিমি, খামতি, চিংফৌ, ইত্যাদি জাতি থকা পৰ্ব্বত সাৰি। দক্ষিণ আৰু দক্ষিণ পূৰ্ব্ব সীমাতে খাসিয়া কচাৰি, নগা ইত্যাদি থকা আৰু এসাৰি পৰ্ব্বত, পশ্চিম সীমা বঙ্গ দেশ। ইংৰাজে অসম দেশ অধিকাৰ কৰিবৰ পৰা অসম আৰু বঙ্গলাৰ মাজ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহ নদী, দক্ষিণ পাৰে নগৰ বেৰাৰ পৰ্ব্বতৰ পশ্চিমে এটা কল্পিত ৰেখা।
পশ্চিম সীমাৰ পৰা পূৰ্ব্বে মিচিমি চিংফৌ পৰ্ব্বতলৈকে অসম দেশ দিঘলে ৫০০ পাঁচশ মাইল অৰ্থাৎ ২৫০ ক্ৰোশ পুতল সকলো ঠাইতে সমান নহয় মুঠ্কৈ লেখিলে ৬০ মাইল অৰ্থাৎ ৩০ ক্ৰোশ মান হব আৰু এই দেশত এক কোটি আঠাৱন লক্ষ সত্তৰি হেজাৰ পুৰা মান মাটি আচে, অসম দেশ পৰ্ব্বতৰ মাজত আৰু মাজেৰে ব্ৰহ্মপুত্ৰ নদ গৈচে।
এই দেশ সম্প্ৰতি চয় জিলা কৰি চভাগ কৰা গৈচে অৰ্থাৎ কামৰূপ, দৰঙ্গ, নগাওঁ, শিবপুৰ, লক্ষীপুৰ, আৰু মটক বা সদিয়া।
কামৰুপ জিলাৰ পশ্চিমে গুয়ালপাড়াৰ জিলা, উত্তৰে ভোটৰ পৰ্ব্বত, পূৰ্ব্বে বৰনদী আৰু নগাঁও জিলা, দক্ষিণে খাসিয়াৰ পৰ্ব্বত। কামৰূপ জিলা এটাই জিলাতকৈ বৰ তাত প্ৰায় সত্তৰি খন পৰগনা তিনিশ একাশি খন সত্ৰ আৰু সাঁইত্ৰিশ খন দেৱালয় আচে। এই জিলাৰ উত্তৰ পাৰে অনেক নদী আচে প্ৰধান মানাহ নদী (ভোটৰ পৰ্ব্বতৰ পৰা উঠি ব্ৰহ্মপুত্ৰত পৰিচে ) চাউল খোৱা, কালদিয়া, ন নদী, বৰলিয়া, ৰৌৰৌৱা, বৰ নদী ইত্যাদি। দক্ষিণ পাৰেও ভালেমান সৰু২ নদী আছে।
কামৰূপ জিলাত গুয়াহাটী নগৰ ইয়াকে শাস্ত্ৰত প্ৰাগজ্যোতিষ্পুৰ বোলে। অসম ৰজাৰ দিনতো এই খন বৰ নগৰ আচিল আৰু কামৰূপৰ অধিপতি বৰফুকন ইয়াতে বাস কৰিচিল আৰু এতিয়াও কমিচনৰ সাহাব আৰু জিলাৰ অধিপতি সাহাব বিলাক ইয়াতে থাকে। এই নগৰক পৰ্ব্বতে বেৰি আছে আৰু সি লুইতৰ পাৰতে, পূৰ্ব্বে তাৰ চাৰিও ফালে গড় আচিল আৰু ইয়ালৈ সোমোৱা চকি আচিল সেই বোৰৰ চিন আজিলৈকে আচে। ইংৰাজ আহিবৰ পৰা এই নগৰ ক্ৰমে ভাল হৈচে।
Assamese · অসমীয়া
Related articles
লট্কন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
৺ৰত্নেশ্বৰ মহন্ত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
সাজু হ, সাজু হ, নৱ যোৱান – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
ৰঙ্গিলী — প্ৰথম অধ্যায় (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
পৰ্ব্বততে ফুলিলে ৰঙানোকৈ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা



