Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

অধমে লইলো, অধমে লওঁ, আল্লাৰ নাম

ঘোষা—অধমে লইলো, অধমে লওঁ, আল্লাৰ নাম।
দুনীয়ালৈ আহিলোহে ৰঙ্গে ৰূপে গোঁৱালোহে
নুসুজিলো মাও বাপৰ ধাৰ।
সাৰক নিচিন্তি অসাৰক চিন্তিলো,
আমি বান্দা বহুত গুনাহগাৰ॥
দৰিয়া বাঢ়িলে দুই জানে বহিলে
খেলাই আছো চন্দন কাঠৰ নাও।
নাৱৰে ভিতৰত পৰুৱাটি ঘূৰিছে
মনে কাঢ়ে কোকিলৰ ৰাও॥
খেলি আছো ভগানাও বৈঠা হল হায়ৰাণ
কৰ্শালিয়ে কৰে তলবল।
খোদাৰ হুকুমে ভেটিটি বান্ধিছো
হায়াত পৰি গলে তল॥
চান্দে ৰমজানৰ নিয়তক ৰাখি
ভিক্ষাৰী আজানে গায়।
দিল কোৰাণত চোৱা বিচাৰ কৰি
কলিমা নামকে পায়॥

উৎস: চৈয়দ আব্দুল মালিক সম্পাদিত ‘অসমীয়া জিকিৰ আৰু জাৰী’ (গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৫৮), পৃ. ৫০।

Leave a Reply

Your email address will not be published. Required fields are marked *