Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

জলকুৱঁৰী

পুৱঁতী নিশাৰ ডাক নাই পৰা—
নীৰৱ বিশ্বৰ বাঁহী।
কোনোবা লোকৰ নিমাত প্ৰাণীয়ে
হাঁহিছে নিফুট হাঁহি।
পথালি চকুত এন্ধাৰ এন্ধাৰ
তৰাই তৰালৈ চায়।
তলত পানীৰ দাপোণলে চাই
হাঁহিছে মিটিকিয়াই।
শেহ-নিশা কেনে ৰ-লাগি ৰইছে
লগৰীয়া কোনো নাই।
ভয়ক চঁকাই ফুচফুচাই কোনে
এন্ধাৰে এন্ধাৰে যায়?
গহীন পাৰত গহীন বননি—
কি সৰে গছৰপৰা?
হুৰ হুৰ কৰি কিবা গল উৰি—
খক্ খক্ মাতে ৰাতি-চৰা।
ডাবিতে লাগিল তধা বসুন্ধৰা—
এৰিলে নিশাহ এটি,
শিয়ঁৰে বনৰ গছ পাত লতা,
কপিছে বতাহ ছাটি।
ঊষাৰ জাননী দিলে তীক্ষ্ণৰৱে
পূবত ৰাঙ্গলী হাঁহি।
ভুমুকি মাৰি চাইছেহি কোনে,
উটি আহে ফুল পাহি।
কলৈ যায় সৌ ফুলৰ পাহিটি
চিঙ্গি নো উটালে কোনে?
কি বাতৰি যায় ফুলাম নাৱ বাই
কোন্ বা কুৱঁৰী পোনে?
কি খেল খেদিছে, কোনে বা কাক
পছিম ফাললৈ চায়?
কোন আছে তাত কলৈ বা পঠায়
বাতৰি পায় নে নাই?
ঢৌৱে ঢৌৱে কেনে ফুল-নাৱখনি
ৰাজহংসে নিছে টানি,
ফুলে ফুলে ফুলি পদুমী কুৱঁৰী
শিৰত নীয়ৰ মণি।
-ৰঙা হাত ভৰি ৰঙা মুখখনি
কাঞ্চন উজলা চুলি।
নাচিছে আটাই দিগম্বৰী বালা
গাইছে প্ৰভাতী বুলি।
নাগবালা শাৰী ধৰিছে চাপৰি
শুনিয়ে আনন্দ মিলা
মানুহ লোকৰ নোহে ৰূপ খেল
নজনা বিচিত্ৰ লীলা।
এন্ধাৰে পোহৰে মিলন মাধুৰী
ৰূপৰ ধেমালি দৰা!
কিবা কি বিচাৰি কেজনী বুৰ দি
উঠিল পানীৰপৰা।
মুকুতাৰ মালা আঁৰি হাঁহ গলে,
চুমাৰে ৰঞ্জিলে ঠোঁট।
এৰা পাই হাঁহ ফুৰিছে বনাই
চৰিছে দুদুটি গোট।
কতোজনী গই পদুমৰ ৰেণু
ঘঁহিছে সৰ্ব্বাঙ্গময়।
ৰাঙ্গলীজনীয়ে চিঙ্গি পদ্ম-চুলি
মুঠিয়ে মুঠিয়ে লয়।
অথিৰ চঞ্চল ইজনীয়ে হাঁহি
সিচিছে হাঁহলৈ পানী।
সখীলৈ এছাটি মাৰিয়েই আকৌ
বুৰিল টুপুকীজনী।
মৰম পিয়াওঁ বুলি কতোজনী—
হাঁহক পিয়াহ দিয়ে।
পছম পাতত উঠি ডিঙি ধৰি
হালে-জালে দুজনীয়ে।
কেতেকী চৰায়ে ক’ত কি ক’ত কি
দিলেহি দিনৰ হাক,
ফুলাম ছইৰ তলৰপৰা কোনে
মাতিলে মৃদুল বাক?
বীণৰ জোঁকাৰ মলয়া বতাহে
উটাই আনিলে যেন,
জলৰ কুৱঁৰী কুৱঁলী সাজেৰে
পৰ্ব্বত জীয়াৰী হেন
গলত হীৰক, খোপাত মাণিক,
হাঁহিত মুকুতা পান্তি,
নীলোৎপল হাতে চৰণৰ পাশে
শঙ্খৰ ধৱল কান্তি।
সুদূৰ পূবত ঊষাদেবী সৈতে
মিলিল কুৱঁৰী গই,
মিলল হাঁহিৰে উজলি চৌদিশ,
লুকাল পোহৰময়ী।
আনন্দলহৰী নাচি পৰি হাঁহি
গাইছে কুলুলু তান।
বেলিৰ কাঞ্চন-পোহৰৰ ঢৌৱে
উটালে প্ৰাণীৰ প্ৰাণ।

উৎস: প্ৰতিমা (১৯১১), পৃ. ৪৬–৫০ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১১ (শক ১৮৩৩)

Leave a Reply

Your email address will not be published. Required fields are marked *