Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

প্ৰতিমা

হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমা
ভাষা নাই কিৰূপে বুজাওঁ !
আগন্তুক সহস্ৰ চকুৰ অনুৰোধ
শক্তি নাই কিৰূপে এৰাওঁ ?
“প্ৰতিমা প্ৰতিমা” ৰৱে ব্যাকুল কৰিলে,
চাব খোজে হিয়াৰ বিকাশ।
কুচিমুচি আগুৱায় দুৰ্ব্বল হৃদয়
দিবলই এফেৰি আভাষ ।
নিমাতী হিয়াৰ কিন্তু মাত পোৱা টান
হৃদয় যে ইমান লাজুক !
সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী—
সমিধান দিয়াঁ আহি মোক ।
আধা ফুটা আবেগৰ ইমান জুমুৰি
দিলোঁ মেলি হৃদয় দুৱাৰ
যত ইচ্ছা দৰ্শকৰ চক জুমি জুমি
ভুলে যদি সন্তাপ মনৰ।

উৎস: প্ৰতিমা (১৯১১), পৃ. ১ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১১ (শক ১৮৩৩)

Leave a Reply

Your email address will not be published. Required fields are marked *