Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

হৃদয় সৰগ

কত লওঁ কত থওঁ
নাই দেখা ঠাই।
এনে নো পবিত্ৰ থান
আছেই কি নাই।
স্বৰ্গ কেনে কোনে জানে
শুধিমেই কাক?
হৃদয়েই মোৰ দেখোঁ
চিনাকি সৰগ।
তাতে ম‍ই থম মোৰ
পাৰিজাত পুলি
মন প্ৰাণ সপি দিম
সেৱাত সমূলি।
সদাই সিচিম পানী
প্ৰেম নিজৰাৰ,
একেঠৰে চাম ৰই
মুখখানি তাৰ।
ৰদ বৰষণ মই
গাতে পাতি লম,
আলসুৱা পুলিটিক
আলাসত থম।
জহত মাতিম বিনাই
মলয়াৰ ৰাৱ;
লগতে জোনাক মাতি
আনিম আকউ।
মউ-মাখি আতমাই
সাঁচিব বাহতে মৌ,
প্ৰাণৰ প্ৰাণত শুনিম
গুণ্‌ গুণ্‌ ৰৱ।
কণাৰ গীত শুনি
সুখ কথা ভুলি,
জগতক বিলাই দিম
প্ৰেম মৌ থালি।

উৎস: প্ৰতিমা (১৯১১), পৃ. ৩৪–৩৫ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১১ (শক ১৮৩৩)

Leave a Reply

Your email address will not be published. Required fields are marked *