নিজম দুপৰীয়া শুহুৰীটি মাৰি
মাতিলে নো কোনে কাক?
বিজন বনত কোন কত আছে?
হালিছে গছৰ আগ।
গহিন গছত বতাহৰ ছাটি-
পাত কঁপে থৰ থৰ।
হাবিৰ মাজৰপৰা কোনে নো বা
মাতি উঠে ‘মৰ মৰ?’
মিচুক লতিকা গছক সাবটি—
প্ৰতি অঙ্গে চুমা চুমি।
পাতৰ আঁৰত থাকি কপৌটিয়ে—
কিবা কৰে জুমাজুমি!
মৰমৰ গীত জুৰিলে লাজুকী—
মাত ফুটেই বা নাই।
বিৰিখে হাঁহিছে হালিছে জালিছে
নইৰ মুখলৈ চাই।
কিবা কথা কয় নৈয়ে কুলু কুলু
ইয়োটো ধেমালি যিহে!
-কোনে চায় নিতৌ বনৰ ধেমালি?
মাতিলে নো সিটি কিহে?
-গছৰ আগত ময়না পখিটী ,
মাতি সি নিচুক হল।
শুনো শুনো, শুনিবলৈ বাট চাওঁ ,
মনতে হেঁপাহ ৰল।
সিজুপি বকুল,—এই এৰাবাৰী
কোন কাহানি বা গল!
চিন এই ভেটি তামোল লেটেকু—
হল বহু দিন হল।
বাঁহৰ ছঁয়াত গজালি গজিছে
কোন নো ইয়াত ফুৰে?
জুৰ জুৰ কৰি বতাহ বলিছে
বাঁহৰ মাজে মাজে ঘূৰে।
পাতে পাতে কিবা ফুচফুচাইছে
মাৰিছে মিচিকি হাঁহি!
কলাঘুমটীয়া সুখৰ এলাহ
বতাহে সুৰ সুৰায়হি।
-গাত গা লগাই কপৌ দুটিয়ে
মুখতে মুখ দি আছে।
অকণি বুকুত ইটিক’ সুমাই
সিটিয়ে মৰম যাচে।
অকণি ছোৱালী—যক্ষিণী কন্যা
এফেৰি ফুলৰে পাহি,
জানৰ কাণত পানী খুৱাইছে
হৰিণা পোৱালি লাহি।
চমকি চায় ৰই থাকে থৰে —
কুমাৰীৰ মুখলৈ চাই,
‘কিনো নো চাইছ?’ বুলি ছোৱালীয়ে-
গালতে হাঁহি চৰায়।
দুখোজতে লৰি পালেগৈ ঘূৰি
যক্ষিণী কুমাৰী মাজ,
আঁহতৰ তলে নাচিছে দুজনী
পিন্ধি বনফুল সাজ।
মুকলি চুলিৰে নাম গায় ঘূৰি,
চাপৰি টুক টুক টুক।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।
খিল্ খিল্ হাঁহি গল দিহাদিহি,
চিঙ্গে ফুল কতোজনী
কপৌৰ বাঁহলৈ উৰি গল কোনো,
দিলে গৈ চুমা একণি।
খোপাত পিন্ধিছে বন পখিলা,
আটাই আপোন ধন।
বন ফুলৰ মৌ পীছে কোনোৱেবা,
শান্ত হ মানুহ মন।
কি দেখিছ সৌ শ্যামল পাটীত
ছঁয়াত বা কিনো চাম!
নীল চুলি মেলাইছে কোনে নো বা–
মুখনি উজল শ্যাম।
মৰকত মণি জিলিকে শিৰত—
দেবী হব বন কুঁৱৰী।
মুকুতাৰে অঁৰা লগতে ইজনা
জলৰ দেবী নীয়ৰী।
চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,
খোপাত আৰিছে মলা,
আগতে অলেখ বনফুল ৰাশি
ৰূপেৰে গোন্ধেৰে ভৰা।
জুৰজুৰ কৰি আনিলে বতাহে
উৰাই কেতেকী পাহি,
মল্ মলাই গল দিশ বিদিশ
মাতিলে বতাহে হাঁহি,—
“মৰম ভিখাৰী, বিচাৰিছোঁ দেবি
প্ৰাণৰ অমিয়া মাধুৰী।”
মিচিকনি মাৰি হাঁহি দান দিলে
দুয়ো প্ৰকৃতি কুঁৱৰী।
অথিৰ বায়ুৰ শিঁয়ৰিল নোম,
উছলাইছে গৈ জান
কাৰণ-নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ।
Assamese · অসমীয়া
Related poems
পাঠকৰ প্ৰতি নিবেদন – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
মাধুৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
বহাগৰ বিহু (অংশ) – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
বিশ্ববিজয়ী নৱ জোৱান – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
অধমে লইলো, অধমে লওঁ, আল্লাৰ নাম – আজান ফকীৰAssamese Classicsআজান ফকীৰ




