Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

হক হুৰ বিনে আল্লা কেউ নাই আন

ঘোষা—হক হুৰ বিনে আল্লা কেউ নাই আন।
হক হুৱে জুৰি আছে জমিনো আস্‌মান॥
আকলৰ দৰিয়াত পৰি তলে গলোঁ
তৰিবৰহে নললো চিন।
হাততে তৰোৱাল ধৰি আজ্‌ৰাইলে
জীৱক কৰে ভিন ভিন॥
লাহুতৰ দৰিয়াত যিটো বুৰ দিলে
মনৰো ভাগিল সংশয়।
গাৰে হাড় ছাল গাতে বাঢ়ে টুটে,
আয়ুখিনি মুঠেই খয়॥
গাৰে হাড় বাঢ়ে মনত ৰং লাগে
কিবা পিতল দেখোহে পুত
কৰম নচিবত লেখে চাহেব বখতত
এইটো দুখ আৰু সুখ।
আপোনাৰ আকলক বুজাব নোৱাৰো
লোকৰে মনলৈ ধায়।
পলত মাছে বান্ধি হেলাতে নধৰি
সাগৰত হেতাব যায়॥
আপোনাৰ মৃত্যুক তথাপি নেদেখে
লোকৰহে মৃত্যুক দেখে।
কেৰামন কাতেবীন দুজনা ফিৰিস্তা
গুনাহ ভাই দিলতে লেখে॥
এই তন্‌ ফানা, আকলে নেৰাখে
তোৰ জানো পৰিচয় নাই।
পীড় মুৰছিদক শিৰত তুলি লৈ
আজান ফকিৰে গায়॥

উৎস: চৈয়দ আব্দুল মালিক সম্পাদিত ‘অসমীয়া জিকিৰ আৰু জাৰী’ (গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৫৮), পৃ. ২৫।

Leave a Reply

Your email address will not be published. Required fields are marked *