Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

জীৱৰ সাৰথি নাম

ঘোষা—জীৱৰ সাৰথি নাম।
সতগুৰুক ভেটিবা, আতমাক চিনিবা, সিজিব দীনৰে কাম॥
অমন পখনক চন্তালি ৰাখিবা কোনোবাই ভাঙ্গিব ধৰি।
মনৰ পাঁচ হাতীক থিৰ কৈ বান্ধিবা কলিমা লাহৰে জৰী॥
মনকে বান্ধিবা, মনকে চাটিবা, মনকে নিদিবা লাই।
অবুজন মনকে বুজাব নোৱাৰি যেনে গজমুৰী গাই॥
মনকে বান্ধিবা মনকে চাটিবা, মনকে নিদিবা লাই।
দুৰ্জ্জন মনকে বুজাব নোৱাৰি, বুজায়ো পাৰ নেপায়॥
তিনি আঠে বছৰ মনকে বুজালো জগৰা বনলৈ যায়।
জগৰা বনলৈ কেলেই নেযাব, সৃষ্টি বাঢ়িবৰ ঠাই।
বাঁহে কি এ তিতা, গজালি কোমল, খাওঁতে মাধুৰি ভাল।
কুকুৰাৰ ডিমাতে পানী ঢল ঢল তাতে কুকুৰাৰ আল॥
জাৰৰে কোমল সৰগৰে ৰ’দ ঘামৰে কোমল বা।
মাতৃৰ গৰভত দহ মাহ নৰকত, পণ্ডিতে বিচাৰি চা।
জুয়ে কোমলাবৰ লাহে লোৱে, পানী কোমলাবৰ মাটি,
নামৰে কোমল, ভকতৰে বচন, ধৰিছে অমূলক আঁটি।
এইনো বৰে ঘৰ কেলেই সাজিলা, শুবলৈ নোজোৰে পাটি।
গাঁৱৰে গিয়াতী চপাই মাতি আনি ল’লা বাৰীচুকত মাটি।
কাপে কাপে তুলা ডিঙিত শিলিখা, ককালত পিন্ধিলা লোং।
যাবৰ বেলিকা ল’লা কিয়ে নাম, তললৈ মূৰকৈ গুণ॥

উৎস: চৈয়দ আব্দুল মালিক সম্পাদিত ‘অসমীয়া জিকিৰ আৰু জাৰী’ (গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৫৮), পৃ. ৩৪–৩৫। মালিকৰ সংকলনত এই জিকিৰত ভনিতা নাই; আজান ফকীৰৰ ৰচনা বুলি জনাজাত (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যসামগ্ৰীত উল্লেখ)।

Leave a Reply

Your email address will not be published. Required fields are marked *