Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...
← অসমীয়া ক্লাছিকউপন্যাসৰ অংশ

তাম্ৰেশ্বৰীৰ মন্দিৰ — প্ৰথম অধ্যায় (অংশ)

আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্ৰায় হাবিৰে ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছোঁ, অৰ্থাৎ মানৰ দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে প্ৰায় পৰ্ব্বতৰ কাষলৈকে আহোম আৰু চুতীয়াসকলৰ সুন্দৰ সুন্দৰ বসতি আছিল। নৈ খান উত্তৰৰ পৰা দক্ষিণলৈ বই শদিয়াত আহি ব্ৰহ্মপুত্ৰত পৰিছে। দুয়োপাৰৰ বস্তিবিলাক নৈৰ ফাললৈ মুখ কৰা। বস্তিবিলাকৰ পিছ ফালে তামোল-পাণ, আম-কঠাল, বাহ আছিল। আৰু এই বাৰীবিলাকৰ পিছফালে আহু, শালি, মাহ, সৰিয়হ ইত্যাদিৰ পথাৰ আছিল।

উৎস: তাম্ৰেশ্বৰীৰ মন্দিৰ (সাহিত্য প্ৰকাশ সংস্কৰণ) — অসমীয়া ৱিকিউৎসৰ স্কেন
প্ৰথম প্ৰকাশ: ১৯২৬

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

উপন্যাসৰ অংশৰঙ্গিলী — প্ৰথম অধ্যায় (অংশ)আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কমলেশ্বৰ সিংহ স্বৰ্গী হোৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্…ৰঙ্গিলীপঢ়ক →উপন্যাসৰ অংশৰহদৈ লিগিৰী — প্ৰথম অধ্যায়: ৰহদৈ (অংশ)আমাৰ ৰহদৈ লিগিৰীৰ ঘৰ উজনিৰ মাজুলীত থকা কমলাবাৰী গাঁৱত আছিল। সেই সময়ত অৰ্থাৎ মানৰ দিনৰ আগেয়ে গাঁওখনত এশ কি ছ…ৰহদৈ লিগিৰীপঢ়ক →উপন্যাসৰ অংশমনোমতী — প্ৰথম অধ্যায়: বৰপেটাৰ কীৰ্ত্তনঘৰত (অংশ)ফাগুন মাহ। ভৰ দুপৰীয়া। আকাশ ধুৱঁলি-কুৱঁলি। পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি …মনোমতীপঢ়ক →উপন্যাসৰ অংশমিৰি-জীয়ৰী — প্ৰথম অধ্যায়: নৈৰ পাৰত (অংশ)এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ …মিৰি-জীয়ৰীপঢ়ক →
ৰজনীকান্ত বৰদলৈ — লেখকৰ পৃষ্ঠা →