Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...
← অসমীয়া ক্লাছিকউপন্যাসৰ অংশ

মনোমতী — প্ৰথম অধ্যায়: বৰপেটাৰ কীৰ্ত্তনঘৰত (অংশ)

ফাগুন মাহ। ভৰ দুপৰীয়া। আকাশ ধুৱঁলি-কুৱঁলি। পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে। এজোপা জৰি গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি খাইছে। এনে এদিনত আজি বৰপেটাৰ চাৰিউফালৰে পৰা হাজাৰ হাজাৰ মানুহে কীৰ্ত্তনঘৰলৈ লৰ ধৰিছে। আজি ফাকুৱাৰ শেষ দিন। আজি প্ৰভু শ্ৰীকৃষ্ণৰ ঘুনুচাৰ “বাড়িৰ” পৰা লক্ষ্মী আইৰ “গৃহলৈ” উলটি অহাৰ দিন। সেই দেখিয়েই আজি বৰপেটাত মানুহৰ ইমান ভিৰ। আজি সকলো মানুহ ফাকুৰে ৰাঙলি।

আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়তো বৰপেটাৰ সত্ৰখন মহকুমাৰ দক্ষিণ পূব কোণাতে আছিল। আজিকালি এই সত্ৰৰ চাৰিউফালে প্ৰায় চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড় আছে। এই গড়ৰ ঘাই দুৱাৰমুখ পচিম ফালে। সেই দুৱাৰ-মুখত এটা পকি বাটঘৰ। সেই বাটঘৰটোৱেদি সোমায়েই চকুৰ আগতে কীৰ্ত্তনঘৰটো দেখি। কীৰ্ত্তনঘৰটোৰ ওপৰখন টিনৰ, বেৰবিলাক ইটাৰ। তিনিওফালে তিনিখন কাঠি। ঘৰটো ইমান ডাঙৰ আৰু দীঘল যে দেখিলেই মানুহৰ মন স্তম্ভিত হয় আৰু ভাবুকৰ মনত কত ভাবৰ যে সঞ্চাৰ হয় তাক নিজে দেখা ভাবুক এজনেহে বুজিব পাৰে। গড়ৰ উত্তৰ পচিম কোণত ফাকুৱাৰ দৌলটো। সেই দৌলটো সাতঠাক ওখ। তাৰ ওপৰত এটা বৰ ডাঙৰ মঠ। কীৰ্ত্তনঘৰৰ পূব-মূৰত ৺কলীয়া ঠাকুৰৰ মন্দিৰ। সেই মন্দিৰৰ পূবে প্ৰায় লগালগি এটা চাঙ্গঘৰ। এই চাঙ্গঘৰৰ দুয়োফালে উত্তৰে দক্ষিণে দুটা পূবা পচিমা দালান। সেই দালান দুটি ৺বদুলা আতা, ৺মঠুৰা আতাৰ মন্দিৰ। ৺কলীয়া ঠাকুৰৰ মন্দিৰৰ কাষতে উত্তৰে ৺মহাপুৰুষ গুৰুৰ মঠটো। মহাপুৰুষ গুৰুৰ মঠৰ পচিমে সমুখতে এটা পানীৰ নাদ। সেই নাদৰ ওপৰত এটা সৰু ঘৰ। এই সৰু ঘৰটোৰ পচিম-ফালে গড়তে লগা আৰু এটা পূবা পচিমা চাঙ্গঘৰ। গড়ৰ বাহিৰে পূবে এটি কুণ্ড। দৰাচলতে বৰপেটাৰ কীৰ্ত্তনঘৰটো মঠে-মন্দপে ইমান ধুনীয়া আৰু হৃদয়গ্ৰাহী যে এই মঠ-মন্দপ, কীৰ্ত্তন-ঘৰৰ প্ৰশংসা কৰাৰ লগে লগে আমি বৰপেটীয়া মানুহকো নশলাগি নোৱাৰোঁ।

আমি যি সময়ৰ কথা লিখিছোঁ অৰ্থাৎ মানৰ দিনৰ আগেয়ে বৰপেটাৰ সত্ৰত ইমানবিলাক মঠ-মন্দিৰ আছিল নে নাই কব নোৱাৰোঁ। কিন্তু এইটো আমি সঠিককৈ জানিছোঁ মানৰ দিনৰ আগেয়েও এই গড় এই মঠ—আৰু এই কীৰ্ত্তনঘৰেই আছিল। কেৱল বাটঘৰটোৰ বাজে ইবিলাক ঘৰৰ চালবিলাক খেৰি আছিল।

উৎস: মনোমতী (ষষ্ঠ সংস্কৰণ, ১৯৫৬), শ্বিলং — অসমীয়া ৱিকিউৎস / archive.org (DLI) স্কেন
প্ৰথম প্ৰকাশ: ১৯০০

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

উপন্যাসৰ অংশতাম্ৰেশ্বৰীৰ মন্দিৰ — প্ৰথম অধ্যায় (অংশ)আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্ৰায় হাবিৰে ভৰা, কিন্ত…তাম্ৰেশ্বৰীৰ মন্দিৰপঢ়ক →উপন্যাসৰ অংশৰঙ্গিলী — প্ৰথম অধ্যায় (অংশ)আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কমলেশ্বৰ সিংহ স্বৰ্গী হোৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্…ৰঙ্গিলীপঢ়ক →উপন্যাসৰ অংশমিৰি-জীয়ৰী — প্ৰথম অধ্যায়: নৈৰ পাৰত (অংশ)এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ …মিৰি-জীয়ৰীপঢ়ক →উপন্যাসৰ অংশৰহদৈ লিগিৰী — প্ৰথম অধ্যায়: ৰহদৈ (অংশ)আমাৰ ৰহদৈ লিগিৰীৰ ঘৰ উজনিৰ মাজুলীত থকা কমলাবাৰী গাঁৱত আছিল। সেই সময়ত অৰ্থাৎ মানৰ দিনৰ আগেয়ে গাঁওখনত এশ কি ছ…ৰহদৈ লিগিৰীপঢ়ক →
ৰজনীকান্ত বৰদলৈ — লেখকৰ পৃষ্ঠা →