Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক কলে। গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহলেনো মই ক’ৰপৰা দিম?” ইয়াকে শুনি মেকুৰী জনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা চুৰতাৰি কৰি বা ডকাহকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।” ইয়াৰ কিছুদিনৰ পাচতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি পালে আৰু মেকুৰীয়ে ছোৱালী দুজনী পালে। আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ, গাখীৰ ইত্যাদি বিচাৰি যায়। ছোৱালী দুজনী জনা হলত সিহঁতে এদিন মাকক কলে, —“আই, তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহলে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ কলে, “যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰমলা ক’লা হ’ব। তেতিয়া তহঁতে মোক বিচাৰি যাবি।” ইয়াৰ দিন দিয়েকৰ পাচত তুলসীজোপা জঁয় পৰিল আৰু গাখীৰ মলা কেঁহেৰাজ-বৰণীয়া হ’ল। তেতিয়া মাকৰ কি হ’ল বুলি জানি কান্দি-কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল। তাই আঁজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা। ” ভনীয়েকতকৈ আঙঠিটোনো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুপৰৰ পাচতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰুঘৈণী পাতি ললে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি, তাই এটা ঢেকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে। পিচৰ বাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ল’ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি ভাবি তাইক কুলক্ষণীয়৷ তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে। তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থাকোতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই কলে,—“তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ তোমাৰ তামোলৰ হাচটিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হব।” মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাচটিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট্কৰে এৰাই গ’ল। ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি কলে আৰু সেই সকলোখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক কবলৈ কলে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাচটিখন লৈ মুদৈৰ, ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি কবলৈ ধৰিলে,—“মোক কিয় ভেঙুচালি কৰিছহঁক, সৌৱা সবাহলৈ মানুহ আহিছে তালৈ যা আৰু তাতে যি পা খাগৈ।” তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই শঁতাই সবাহলৈ গ’ল। সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই বই দুজন মানুহ এই সবাহত বহিছিল। যেতিয়া এই কথা তাত জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য’ত সোমাইছিলো তেওঁ আমাৰ আই।” তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে কব নোৱাৰিলে। তেতিয়া ৰাইজে সিহঁতক সেই বিষয়ে কবলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলে৷ কথা মন দি শুনে। এই বুলি সকলো কথা ভাঙি পাতি সি কবলৈ ধৰিলে আৰু মুদৈৰ হাচটিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাচটিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কু-মন্ত্ৰণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে, ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল। সবাহৰ পাছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰা দুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সোমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই লগতে থাকিল।

উৎস: বুঢ়ী আইৰ সাধু (১৯১১), পৃ. ১–৫ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১১

Leave a Reply

Your email address will not be published. Required fields are marked *