Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

আমাৰ জন্মভূমি

(গীত)

হেৰা আমাৰ জন্মভূমি!
হেৰা আমাৰ জন্মভূমি!
এনে দেশ কতো নোপোৱা হেৰা তুমি।
হেৰা আমাৰ জন্মভূমি।

কত আছে এনে চাউল পানীত দিলে ভাত?
কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত?
কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক?
এঠা-দৈ কত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি!

কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী?
ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী?
লুইতৰ দৰে বৰ নৈ কত আছে কোৱা?
ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা
হেৰা আমাৰ জন্মভূমি!

কত এনে মিৰি-নাচ, কত এনে বিহু?
কত পাব জগা গাইৰ এনেকুৱা ফেহু?
হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া
লৰা-ছোৱালী কত এনে দেখুৱাই দিয়াঁ?

এনেখনি দেশ কতো নোপোৱা বিচাৰি,
নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি।
হেৰা আমাৰ জন্মভূমি!

১৮৩১ শক, আঘোণ। ঝাৰসোগোড়া।

উৎস: কদম-কলি (১৯১৩), পৃ. ২৮–২৯ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

সাধুবান্দৰ আৰু শিয়ালএটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক’ত কি…বুঢ়ী আইৰ সাধুপঢ়ক →কবিতাতৰাঅনন্ত আকাশে বহি কোন তোমালোক?কদম-কলিপঢ়ক →সাধুঢোঁৰাকাউৰী আৰু টিপচীচৰাইএক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচীচৰাই আছিল। সিহঁত দুয়ো সখি বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল…বুঢ়ী আইৰ সাধুপঢ়ক →সাধুমেকুৰীৰ জীয়েকৰ সাধুএঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজন…বুঢ়ী আইৰ সাধুপঢ়ক →কবিতাকবিতাশোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,কদম-কলিপঢ়ক →কবিতাবিহুটকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,কদম-কলিপঢ়ক →
লক্ষ্মীনাথ বেজবৰুৱা — লেখকৰ পৃষ্ঠা →