জগতক হাঁহিৰে বুৰাই,
মন প্ৰাণ নয়ন জুৰাই,
স্বৰগৰ শোভা দেখুৱাই,
চক্মক্ চিক্মিক্ কৰি,
জীৱৰ জীৱনি তেজ হৰি,
কিয়হে বিজুলী তুমি,
ঘনে ঘনে জুমি জুমি,
লুকুৱাঁ লুকুৱাঁ দেবী মেঘৰ বুকত?
সৰু লৰা যেনেকুৱা ঘৰৰ চুকত।
কোৱাঁচোন কোৱাঁ দেবী কোৱাঁ
কাৰ ভয়ে ইদৰে লুকুৱাঁ?
কাৰ ভয়ে ইদৰে সদাই,
জগতৰ চকু চমকাই,
ততালিকে দেখা দিয়াঁ,
ততালিকে মাৰ যোৱাঁ,
আকৌ বা ঘূৰি আহি চক্মক্ কৰাঁ
জগতত মেলি দিয়া ৰূপৰ নিঝৰা?
কিবা কাৰবাৰ সৈতে প্ৰণয় কৰিছাঁ!
কাৰবাক মন প্ৰাণ হৃদয় সঁপিছাঁ?
তাকে কি চাবৰ মনে,
এই দৰে ঘনে ঘনে,
মেঘৰ বুকুৰ পৰা মুখ উলিয়াই,
পৰাণ সঁপিছা যাক সি জনক চাই,
চকুৱে চকুৱে পৰি,
লাজতে কি এনে কৰি,
স্বৰ্ণ-লতা হেন দেহ ঢাকিছা মেঘত?
কিবা অভিমান কৰি লুকুৱা ঠেহত?
নতুবা তোমাৰ কোনো লগৰীয়া আছে,
এই পৃথিবীৰ ওপৰত?
তাৰেই কি সইতে ইদৰে,
লগৰীয়া প্ৰণয়ৰ ভৰে,
ঘনে ঘনে আহি এনেকৈ,
‘কুক্ভা’, ‘কুক্ভা’, বুলিকৈ,
খেলিছা লুকা-ভুমুকা মেঘৰ আঁৰত,
তাতেই হে হাঁহা ঘনে সুখৰ ভৰত।
নতুবা তুমিয়ে সেই উৰ্ব্বশী অপ্সৰা।
আৰ্য্য কবি কল্পনাৰ উচ্চৰূপ ধৰা?
দুন্দুভিৰ তালৰ চেৱত,
ইন্দ্ৰ আদি দেৱৰ আগত,
ৰূপেৰে বুৰাই দেৱপুৰি,
নাচিছা কি ঘনে ঘূৰি ঘূৰি?
তাৰেই কি এসূতি ওলাই,
জগতক নিচেহি ঢৌৱাই,
তাৰেই কি এসূতি ওলাই,
জগতক ইদৰে চঁকাই!
কোৱাঁচোন কোৱাঁ দেবী কোৱাঁ,
তুমিয়ে উৰ্ব্বশী সেই হোৱা নে নোহোৱাঁ।
নতুবা কি তুমি কোনো দেৱতাৰ বালা,
বাট হেৰুৱাই আহি পৃথিবী ওলালা?
পিচে জানো মেঘে দেখা পাই,
থাপমাৰি নিয়ে উৰুৱাই?
তাতে কি বিজুলী তুমি ঘনে,
পলাবৰ চেষ্টা কৰি মনে,
চঁকি চঁকি ইদৰে ওলোৱাঁ,
মেঘৰ গাজনি শুনি আকৌ পলোৱাঁ,
কাৰ ফালে এনেকই চোৱা,
কাৰ ফালে কৰি এনে কটাক্ষৰ শৰ,
পলোৱা বা কৰি চুৰ কাৰ মন ঘৰ?
তোমাৰ হাঁহিটি মোৰ বৰ মিঠা লাগে,
হাঁহা দেবী হাঁহা এটিবাৰ,
সদাই সি হাঁহি মোৰ হৃদয়ত জাগে।
হাঁহা দেবী হাঁহা এটিবাৰ,
সি হাঁহিয়ে হৃদয় জুৰায়,
হাঁহা দেবী হাঁহা এটিবাৰ,
শিৰে শিৰে তাড়িতৰ সোঁত বৈ যায়।
হাঁহা দেবী হাঁহা এটিবাৰ,
সি হাঁহিৰ লগে লগে হৃদয়-থুপিত,
সুখ-ফুল ফুলি মন কৰে আমোলিত।
অন্তৰাত্মা সি হাঁহিৰ লগে,
নাচি নাচি উঠে উলাহতে;
সি হাঁহিৰ লগে লগে হৃদয় তন্ত্ৰীত
ললিত পঞ্চম বাজে অতি সুললিত।
আহা দেবী আহা মোৰ হৃদয়ত লওঁ,
হৃদয়ৰ হৃদয়ত, দিন ৰাতি অবিৰত
সাঁচিছোঁ যিমান কথা, পাইছোঁ যিমান ব্যথা,
ভুগিছোঁ যিমান দুখ, লভিছোঁ যিমান সুখ,
এটি এটি কৰি দেবী সকলোটি কওঁ,
হৃদয়ৰ তলা মেলি সকলো দেখাওঁ,
শিলা সম দুখ ভাৰ কিছু পাতলাওঁ।
আহাঁ দেবী আহাঁ দেবী আহাঁ,
হৃদি-আসনত বহি সি হাঁহিটি হাঁহা।
ইৰূপ হাঁহিটি হাঁয় হাঁয়!
দেখি যাক পৰাণ জুৰায়,
অসুৰৰ জিভা কোনে কয়?
যি কয় সি মানুহ নহয়।
ই হাঁহি যে স্বৰগৰ হাঁহি,
ই হাঁহি যে কুসুমৰ পাহি,
ই হাঁহি যে অমিয়াৰে ভৰা,
স্বৰগৰ শোভাৰ নিঝৰা;
হায় হায় তাৰ মোল মৰ্ত্ত্য ভুবনত,
কি বুজিব উটে যিটো পাপৰ সোঁতত!
Assamese · অসমীয়া
Related poems
প্ৰেম – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
মাধুৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
বাৰিষাৰে ঘন ঘোৰ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
মুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩) – মাধৱদেৱAssamese Classicsমাধৱদেৱ
ৰঙ্গিলী — প্ৰথম অধ্যায় (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ




