Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

কাকো আৰু হিয়া নিবিলাওঁ

(১)

সকলোৰে মুখে শুনো
তাতে বহি বহি গুণো,
মানুহে সচাঁনে ভাল পায়?
কত ভাবোঁ কত পাওঁ,
কত ভাব হেৰুৱাওঁ,
একো তাৰ অৱধিকে নাই।

(২)

এদিন ভাবিলোঁ মনে,
লম্ তত যেনেতেনে,
ভালপোৱা আছে কি জগতে,
এনে ভাবি এজনক
সঁপি দিলোঁ হৃদয়ক,
গাঁথি প্ৰাণ এডালি দোলতে।

এদিন দুদিন গল,
ক্ৰমে তিন দিন হল,
তথাপিও সি মুখকে চাওঁ;
যতকে সি মুখ চাওঁ,
তত ন ন ৰস পাওঁ,
তত সুখে শৰীৰ বুৰাওঁ।

সি মুখকে আগে থই,
কল্পনা লেখনী লই,
আকোঁ-ছবি হৃদয় ফলিত,
জানো পাছে মছি যায়,
ভাবি ঘনে ঘনে চাই,
লুকুৱাওঁ বুকৰ তলিত।

থাকোতে থাকোতে হাঁয়
বুকত ছবিটি নাই,
কান্দিলে বুকুৱে হাও হাও;
অনেক বিচাৰি চালোঁ
নেপায় শপত খালোঁ
কাকো আৰু হিয়া নিবিলাওঁ।

(৩)

মানুহে নাপায় ভাল,
ললোঁ জানি চিৰকাল,
কিন্তু ঘূৰি ভাবিলোঁ মনত,
সকলো কি এনেকুৱা,
দেখোঁ বাৰু কেনেকুৱা,
ভাল-পোৱা নাই নে বনত?
পুহিলোঁ ভাটৌ এটি,
গল দিন এটি দুটি,
দিনে দিনে সিও হল বৰ;
কত দিলোঁ ধান পানী,
কত ন ন গুটি আনি,
যোগালোঁহি আগত ঠোঁটৰ;
কিন্তু হায় কাল হল,
ভাটৌটি উৰি গল,
বুলি তোৰ মুখকে নাচাওঁ;
ভাবি গতি নিয়তিৰ,
মনত কৰিলোঁ থিৰ,
কাকো আৰু হিয়া নিবিলাওঁ।

(৪)

কিন্তু যে নিলাজ মন,
ভাগিও নোহে ভগন,
তথাপিও লাগে ভাল-পোৱা,
আশা আহি উচটাই,
কাণে কাণে কৈ যায়,
ভাল-পোৱা প্ৰকৃতিত চোৱাঁ
এন্ধাৰ ওৰণি ঠেলি,
উঠিল অকাশে বেলি,
বনত ফুলিল ফুল দুটি,
দেখি মন থিৰ হল,
সকলো বেজাৰ গল,
গলোঁ সি দুটিৰ পাশে ছুটি।
যিমান বেজাৰ পালোঁ,
যত ঘৰামুটি খালোঁ,
বুকু খুলি সকলো দেখিলোঁ।
দেখি জোকাৰিলে মূৰ,
মোৰ সুৰে বান্ধি সুৰ,
ভাবো মনে এতিয়াহে পালোঁ।

(৫)

এৰিলোঁ পিয়াহ ভোক
এৰিলোঁ বেজাৰ শোক,
থাকো মাথো সি দুটিকে চাই,
সি দুটিয়ে যেনে কৰে,
কৰোঁ ময়ো তেনে দৰে,
মই যেন আৰু মোত নাই।
বতাহৰ তালে তালে
ফুল দুটি হালে জালে,
ঘনে ঘনে পাতত লুকাই,
ভাবোঁ নিলে কোনোবাই,
ফুৰোঁ জুমি জুমি চাই,
হাঁহি ঘূৰি আগতে ওলায়।
ভোমোৰাটো লৰি আহে,
জানো পিছে ফুটে পাহে,
দিওঁ তাক দূৰেতে খেদাই,
বুকত সাবটি লওঁ,
কত কিযে কথা কওঁ;
জানে তাক নজনা জনাই।

(৬)

দিনৰ দিনটো হাঁহি
আগ্নেয় কুসুম পাহি,
ঢালে দেহ জুৰণি খাটত,
মোৰ ফুল দুটি হাঁয়,
এৰি মোক সৰি যায়,
জ্বালি জুই বুকুৰ মাজত,
কত হিয়া ধাকুৰাওঁ,
কত জুমি জুমি চাওঁ,
তেও তাক উভতি নাপাওঁ,
অনেক বিচাৰি চালোঁ,
নেপায় শপত খালোঁ,
কাকো আৰু হিয়া নিবিলাওঁ।

(৭)

চকুত পলক নাই,
বহি থাকোঁ কিবা চাই,
মাজে মাজে মুখে বোলাঁ “হায়”
হৃদয়ৰ তলা ফুটি,
হুমুনিয়া এটি উঠি
লাহে লাহে হামিত মিলায়,
শূণ্য মনে, কলা মুখে
দেখোঁ আকাশৰ বুকে,
তৰা দুটি হাঁহে মোক চাই,
ভাবোঁ মনে কৰোঁ থিৰ,
অৰ্থ আছে হাঁহিটিৰ,
মোৰে ফুল দুটি হব পায়!
সি গুণেই মোক চাই,
হাঁহি মাৰে মিচিকাই,
মাতে মোক টিপিয়াই চকু,
সি গুণেই এনে কৰি,
ধীৰে ধীৰে লৰিচৰি,
তালে তালে নচুৱাই বুকু;
সকলো পাহৰি যাওঁ,
যতকি বেজাৰ পাওঁ
বান্ধো ঘূৰি হৃদয়ত বল,
আকৌ আগৰ দৰে
থৌকিবাথৌ কৰে
অন্তৰত প্ৰণয়ৰ ঢল।

(৮)

তৰা দুটি হাঁহি থাকে,
মেঘ উঠি জাকে জাকে
উৰি আহি গুজৰি গুমৰি,
ভোমোৰা আহিছে বুলি
কত কি যে গালি ডুলি,
ডাবি দিওঁ চিয়ঁৰি চিয়ঁৰি,
কিন্তু হায় মেঘ জাক
নুশুনি নেমানি হাক,
ঢাকি ধৰে তৰা দুটি মোৰ,
কি কৰিম কি নকৰোঁ,
ভাবোঁ উঠোঁ বহোঁ পৰোঁ,
দেখি তাক হাঁহে মেঘবোৰ,
বুকু মোৰ ফাটি যায়,
নেদেখোঁ একো উপায়
সহি থাকোঁ যত লাজ পাওঁ,
তথাপিও চকু তুলি,
তৰা দুটি আছে বুলি
আকাশৰ ফালে ঘনে চাওঁ।

(৯)

কিন্তু হাঁয় নাই নাই,
আকাশ কুসুম প্ৰায়,
আশা যায় বায়ুত মিলাই,
যত ভাব অবিৰত
সাঁচিছিলো হৃদয়ত
সকলো পেলালোঁ দলিয়াই,
কাম নাই কাম নাই,
ভাল-পোৱা কতো নাই,
ভাল পোৱা অৰ্থহীন কথা,
যি কোনোৱে ভাল পায়,
আছে জনা তাৰে ঠাই,
আকাশত বালি-দুৰ্গ গথাঁ;
যি এদিন বাচি থাকোঁ,
কাকো আৰু বুকে নাকোঁ,
কাৰো আৰু মুখক নাচাওঁ
যায় যক ফাটি বুকু
কান্দে বা কান্দক চকু,
কাকো আৰু হিয়া নিবিলাওঁ।

উৎস: অসমীয়া সাহিত্যৰ চানেকি, তৃতীয় খণ্ড, দ্বিতীয় ভাগ (সম্পাদনা: হেমচন্দ্ৰ গোস্বামী; কলিকতা বিশ্ববিদ্যালয়, ১৯২৩), পৃ. ৫৪৮–৫৫৩ — স্কেন: Wikimedia Commons / archive.org (in.ernet.dli.2015.336006)
প্ৰথম প্ৰকাশ: ১৯২৩

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

হেমচন্দ্ৰ গোস্বামী — লেখকৰ পৃষ্ঠা →