Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

লুইতৰ আকাশত তৰাৰ তৰাৱলী

লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ—

আই নাকান্দিবি,
থাপনাত তেজেৰে বন্তি দিলেহি
লৰা-ছোৱালীয়ে তোৰ।

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
গুচকে আন্ধাৰে ঘোৰ—
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ।

উৎস: লভিতা (নাট), প্ৰথম তাঙৰণ ১৯৪৮, অসমীয়া সাহিত্য মন্দিৰ, পৃ. ৯৯–১০০ — স্কেন: Wikimedia Commons / archive.org (in.ernet.dli.2015.452453)
প্ৰথম প্ৰকাশ: ১৯৪৮

Leave a Reply

Your email address will not be published. Required fields are marked *