Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধনে মোৰ অ’।
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোৱৰণী সুৱদীয়া
বুকত ভালে পোৱা অ’ প্ৰাণৰ ধনে
যাউতি যুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পুৰাই দিলা মোক অ’
যাউতি যুগীয়া ধনে মোৰ অ’।
ভাৱত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য্য জীৱন ওপচোৱা
অবলাক ঠায়ে নোজোৰে অ’
যাউতিযুগীয়া ধনে মোৰ অ’
সুখ বিনন্দীয়া মৰণতে বাকি
চৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ’
যাউতি যুগীয়া ধনে মোৰ অ’।
বুজা নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতি যুগীয়া ধনে মোৰ অ’

উৎস: কাৰেঙৰ লিগিৰী (নাট), প্ৰথম তাঙৰণ, গুৱাহাটী নিউ প্ৰেছ, পৃ. ৮৩–৮৪ — স্কেন: Wikimedia Commons / archive.org (in.ernet.dli.2015.452405)

Leave a Reply

Your email address will not be published. Required fields are marked *