
অসমীয়া ক্লাছিক · ১৯০৩–১৯৫১
Jyoti Prasad Agarwala
ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত। দেউতাক পৰমানন্দ আগৰৱালা, মাক কিৰণময়ী আগৰৱালা। কবি চন্দ্ৰকুমাৰ আগৰৱালা (বৰদেউতাক) আৰু কবি আনন্দচন্দ্ৰ আগৰৱালা তেওঁৰ দেউতাকৰ ককাই-ভাই।
ডিব্ৰুগড় আৰু তেজপুৰত পঢ়া-শুনা কৰি তেওঁ ১৯২১ চনত মেট্ৰিক পাছ কৰে আৰু তাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়ে। ১৯২৬ চনত অৰ্থনীতি পঢ়িবলৈ তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যায়; পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ ১৯৩০ চনত দেশলৈ উভতি আহোঁতে বাটত জাৰ্মানীৰ উফা (UFA) ষ্টুডিঅ’ত সাত মাহ চলচ্চিত্ৰ নিৰ্মাণৰ কাম শিকে।
স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে ১৯৩২ চনত ব্ৰিটিছ চৰকাৰে তেওঁক কাৰাগাৰলৈ পঠায়। ১৯৩৬ চনত দেৱযানী ভূঞাৰ সৈতে তেওঁৰ বিয়া হয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত যোগ দি তেওঁ আত্মগোপন কৰে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ নিজা বাসগৃহ “পকী”ত তেওঁৰ মৃত্যু হয়।
মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ প্ৰথম নাটক “শোণিত কুঁৱৰী” লিখে; নাটকখন ১৯২৫ চনত প্ৰকাশ পায়। “কাৰেঙৰ লিগিৰী”, “ৰূপালীম”, “লভিতা” আৰু মৃত্যুৰ পিছত প্ৰকাশিত “নিমাতী কইনা” (১৯৬৪) তেওঁৰ আন নাটক।
তেওঁ প্ৰায় ৩০০টা গীত ৰচনা কৰিছিল, বহুতো নিজৰ সুৰত; এই গীতবোৰক একেলগে “জ্যোতি সংগীত” বোলা হয়। এই পৃষ্ঠাত দিয়া গীতবোৰ তেওঁৰ জীৱনকালতে প্ৰকাশিত “কাৰেঙৰ লিগিৰী” আৰু “লভিতা” (প্ৰথম তাঙৰণ, ১৯৪৮) নাটকৰ মূল ছপা পাঠৰ পৰা লোৱা।
ভোলাগুৰি চাহ বাগিচাত তেওঁ “চিত্ৰবন” ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৩ চনৰ শেষত “জয়মতী”ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক “জয়মতী কুঁৱৰী”ৰ আধাৰত নিৰ্মিত “জয়মতী” ১৯৩৫ চনত মুক্তি পায় — এয়াই প্ৰথম অসমীয়া চলচ্চিত্ৰ। ১৯৩৯ চনত তেওঁ দ্বিতীয় অসমীয়া চলচ্চিত্ৰ “ইন্দ্ৰমালতী” নিৰ্মাণ কৰে।
অসমীয়া সংস্কৃতিৰ “ৰূপকোঁৱৰ” হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা জনপ্ৰিয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ বাবে তেওঁক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কোৱা হয়, আৰু “জ্যোতি সংগীত”ৰ জৰিয়তে তেওঁ অসমীয়া গীতত নতুন ধাৰা আনিছিল।
তেওঁৰ মৃত্যু দিৱস ১৭ জানুৱাৰী অসমত “শিল্পী দিৱস” হিচাপে পালন কৰা হয়। ২০০৪ চনৰ ১৭ জুনত তেওঁৰ জন্মদিনত ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানত স্মাৰক ডাকটিকট উলিয়ায়।