Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

ছয় ঋতুৰ ডাক

(গীত)

জহ জাৰ বাৰিষাৰে মিলি-জুলি লবা।
নহলে তোমাৰ নাও বুৰিব জানিবা॥

বসন্তই কুউবায়, সুহুৰি ফুৰ্ফুৰ।
জানে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ॥
জহৰ তপত মাত যেনে চেঙা পানী।
বাৰিষাই ঘৰ্ঘৰায়, ৰিং মাৰে টানি॥
জহ, জাৰ, বাৰিষাৰে—- ইত্যাদি।

পানী-লগা হেমন্তই হাঁচিঔ মাতে।
আজোৰত চুৰিয়াৰ খোচানাটো ফাটে॥
চন্দ্ৰাৱলী শৰতৰ নূপুৰৰ ধ্বনি
মন কাণ পাতি দিলে ভালকৈয়ে শুনি॥
জহ, জাৰ, বাৰিষাৰে—– ইত্যাদি।

১৮৩১ শক, আঘোণ। ঝাৰসোগোড়।

উৎস: কদম-কলি (১৯১৩), পৃ. ৩০ — মূল বইৰ স্কেন: Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৯১৩

Leave a Reply

Your email address will not be published. Required fields are marked *