হাঁসা হাঁসা, শিশু, হাঁসা পুনৰ্ব্বাৰ,
তব মধু হাঁসি পৰাণ আমাৰ
জুড়ায়; পুনৰ খিলি খিলি কৰি
হাঁসা প্ৰিয় শিশু হাঁসা আৰু বাৰ।
মুক্তাপ্ৰায় তব ক্ষুদ্ৰ দন্ত কিটি
ৰক্ত ওষ্ঠ মাঝে কাৰ প্ৰদৰ্শন,
নীলাব্জবৰণ নেত্ৰ কোণ কুচি
দেখোৱা আমাক হসিত বদন।
কোনে কয় পদ্ম অতি শোভাকৰ?
গোলাপ কুসুম বৰণ অমল
শোভাময় কোনে কহয় থাকোতে
শিশুৰ সহাস্য বদন কমল?
কিবা দৃশ্য আছে হোৱে মনোহৰ
শিশুৰ হসিত বদন সমান?
যদি আছে বোলে, বোলোক অপৰে,
আমি কিন্তু ভাবি নাহি পাওঁ আন।
হাঁসা হাঁসা শিশু, হাঁসা পুনৰ্ব্বাৰ,
তব মধুহাঁসি পৰাণ আমাৰ,
জুড়ায়; পুনৰ খিলি খিলি কৰি
হাঁসা প্ৰিয় শিশু, হাঁসা আৰু বাৰ।
Assamese · অসমীয়া
Related poems
এপাহি পদুম – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
বাৰিষাৰে ঘন ঘোৰ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
লট্কন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ — প্ৰথম অধ্যায় (অংশ) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
বোলহু ৰাম নামেসে মুকুতি নিদানা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
বাইদেউ বাইদেউ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা




