Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

বিবেক

কোন্ সিটি সঙ্গে সঙ্গে মানব অন্তৰে
সদাই কৰিছে বাস? মুহুৰ্ত্ত কাৰণে,
কোনো কালে কোনো ক্ৰমে নাযাৱয় দূৰে,
আছে চিৰকাল বসি হৃদয় আসনে?
বয়সে প্ৰবীন অতি, বহুদৰ্শী জন,
চিত্ত খানি যেন তাৰ জ্ঞানেৰে গঠন;
সুস্থিৰ মুৰতি জ্ঞান গৰ্ব্বিত বদন,
অটল সাহস মেঘ গম্ভীৰ বচন।
ৰজাক নকৰে ভয় প্ৰজাক নকৰে,
ৰনোন্মত্ত বীৰজনে তুচ্ছ ভাবে মনে।
সদা সুমন্ত্ৰণা মাত্ৰ দয়িত অন্তৰে
দিয়া থাকে জ্ঞান পৰিমাৰ্জ্জিত বচনে।
অন্যায় অধৰ্ম্ম পাপে যদি নৰ মন
হোৱে প্ৰলোভিত; ক্ৰোধে কৰিয়া গৰ্জ্জন
নিমিষে অন্তৰে থাকি বিদাৰি হৃদয়
“নাযাইবি” “নকৰিবি” এই কথা কয়

বাৰণ নুশুনি তাৰ যদি নৰগণ,
লিপ্ত হোৱে সেহি কাৰ্য্যে সন্তাপ অগনি
অটল সাহসে দিয়ে কৰিয়া জ্বলন,
ৰজা প্ৰজা ধনী দীন একোকে নগনি।
দিয়ে গালি নানাৰূপ কৰিয়া গৰ্জ্জন,
কৰ্কশ বচনে কৰে অন্তৰ দাহন;
কি ধনী কি মানী সুখী ৰজা প্ৰজা বীৰ
সেই তিৰস্কাৰে সবে হোৱে নত শিৰ।

জ্ঞানেৰে ৰচিত দেহ জ্ঞানেৰে হৃদয়,
কোন প্ৰিয় বন্ধু এই অন্তৰ ভিতৰে,
অন্যায় দেখি যে ক্ষণে বাৰণ কৰয়,
যতে ততে সৰ্ব্বদাই হিত চিন্তা কৰে?
জানিছোঁ বিবেক নামে সেই বিজ্ঞজন,
কৰে হিতাহিত জ্ঞান নৰে বিতৰণ।
ধন্য হে বিবেক ভুমি ধন্য মন্ত্ৰীবৰ!
ধন্য তুমি চিৰ বন্ধু হীন মনুষ্যৰ।

উৎস: অসমীয়া সাহিত্যৰ চানেকি, তৃতীয় খণ্ড দ্বিতীয় ভাগ (কলিকতা বিশ্ববিদ্যালয়, ১৯২৩), পৃ. ৩৫৫–৩৫৬ — Wikimedia Commons স্কেন
প্ৰথম প্ৰকাশ: ১৯২৩

Leave a Reply

Your email address will not be published. Required fields are marked *