Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

মেঘ

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰ,
শ্বেত যেন তুলা ৰাশি,
কিম্বা বৰফৰ ৰাশি,
অতিক্ষুদ্ৰ আয়তনে, সুদূৰ অম্বৰে,
হইলা উদয় কোৱা কিভাবি অন্তৰে।

কোমলতা পূৰ্ণ দেহ; ধবল বৰণ;
কিঞ্চিতো নাহিক দাগ,
কেবল সুশ্বেত বাগ,
নাহি পাপ লেশ দেহে সুপবিত্ৰ মন;
আকাশৰ এক কোনে দিছা দৰশন।

কৃষ্ণবক্ষে জ্বলে যেন স্ফটিকৰ মণি
কিম্বা শ্যাম দুৰ্ব্বাদলে,
যথা জল বিন্দুজলে,
ছায়াবৃত জলে যেন শোভে কমলিনী,
বিস্তীৰ্ণ সমুদ্ৰে কিম্বা ধবল তৰণী।
সিৰূপে তুমিও সেই বিস্তীৰ্ণ গগণে,
ৰজতৰে দেহ সাজি,
শোভিছা হে মেঘ আজি,
দেখোঁতে জুৰায় চকু ক্ষুদ্ৰ আয়তনে,
উদিছা নতুন ভাবে সুকোমল মনে।

পূৰ্ব্ব দিশে ধীৰে ধীৰে বহে সমীৰণ,
তাহাক বাহন কৰি,
সহৰ্ষে স্কন্ধত চৰি,
ধীৰে ধীৰে ভাসি যোৱা গজেন্দ্ৰ গমন,
ধীৰে ধীৰে জলস্ৰোতে যেন হংস গণ॥

শান্ত মূৰ্ত্তি শান্তভাব কৰিছা ধাৰণ;
অমৃতেৰে দেহ ধুই,
আহিছা পবিত্ৰ হুই,
সৰল কোমল মনে দিছা দৰশন,
এই দৰশন আজি নয়ন ৰঞ্জন॥

ইৰূপ প্ৰশান্ত ভাব দৰ্শিলে তোমাৰ,
বিশ্বাস নহয় মনে,
তুমিএ যে এতিক্ষণে,
ঘুৰি পুনঃ ধৰিবাহা বিশাল আকাৰ।
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।

নহয় বিশ্বাস হেন কোমলতা হায় ,
কাঠিন্যে যে পৰিণত,
হইবেক নিমেষত,
ধৰিবা কৰাল মুৰ্ত্তি ত্যজি ক্ষুদ্ৰকায়,
গৰ্জ্জিবা সুঘোৰ নাদে মেদিনী কঁপাই।

অথবা বিশ্বাস নহব কিয়? প্ৰত্যক্ষ প্ৰমাণ,
সদাই দেখিছোঁ আমি,
নানাৰূপ ধৰি তুমি,
ৰঙ্গা, বগা, হালধীয়া, কাঞ্চন সমান,
দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূন্য স্থান।
দৰশিছোঁ কেতিয়াবা বিকট দৰ্শন,
কৃষ্ণদেহে ক্ৰোধমনে,
দিগন্ত বিয়পি ক্ষণে,
দৰশোৱা বিভীষিকা চপলা নৰ্ত্তন;
কপিছোঁ শুনিয়া তব ভীষণ গৰ্জ্জন॥

দৰশিছোঁ কেতিয়াবা শিলা বৰষণে,
সযত্নে পালিত কত,
শস্যগণ কৰা নষ্ট,
প্ৰাণী সবো বধকৰা বজ্ৰ নিক্ষেপণে,
ইমত নিৰ্দ্দয় তুমি, সোধো কি কাৰণে।

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰে,
শ্বেত যেন তুলা ৰাশি,
কিম্বা বৰফৰ ৰাশি,
অতিক্ষুদ্ৰ আয়তনে, সুদূৰ অম্বৰে,
হুইলা উদয় কোৱা কি ভাবি অন্তৰে॥

উৎস: অসমীয়া সাহিত্যৰ চানেকি, তৃতীয় খণ্ড দ্বিতীয় ভাগ (কলিকতা বিশ্ববিদ্যালয়, ১৯২৩), পৃ. ৩৫৯–৩৬১ — Wikimedia Commons স্কেন
প্ৰথম প্ৰকাশ: ১৯২৩

Leave a Reply

Your email address will not be published. Required fields are marked *