দুধনৈ নৈৰ পাৰে পাৰে
বাঁহনিৰ মাজেদি বাট,
সেই বাটেদি ঘূৰি নাহা
বহু দিন হ’ল, বহু ৰাত।
মই বাঁহী লৈ বহি থাকোঁ
শিমলু গছৰ তলত,
তোমাৰ নামটো ফুঁৱাই দিওঁ
বাঁহীৰ সাতোটা ফুটাত।
খামৰ চামৰা টানি দিলোঁ
নতুনকৈ ৰচী বান্ধি,
তুমি আহিলে বজাম বুলি
ৰাখিছোঁ এটি গীত সাঁচি।
ফাগুন গ’ল, চ’তো গ’ল,
ব’হাগত কপৌ ফুলিল,
দুধনৈৰ বালিত লিখা
তোমাৰ নামটো পানীয়ে নিলে।
দুধনৈ নৈৰ পাৰে পাৰে
বাঁহনিৰ মাজেদি বাট,
সেই বাটেদি এবাৰ আহা,
বাঁহীয়ে মাতিছে, শুনা মাত।
Assamese · অসমীয়া
Related poems
চৰৰ ঠিকনাAssamese PoemsRezaul Karim Sheikh · ৰেজাউল কৰিম শ্বেখ
তুমি মাথোঁ তুমিAssamese PoemsMaina Gam
মাজুলীৰ মানচিত্ৰAssamese PoemsPonkhi Doley · পংখী দলে
নীলা আকাশAssamese PoemsRashidul Alom
নাওৰ স্কুলAssamese PoemsRezaul Karim Sheikh · ৰেজাউল কৰিম শ্বেখ
বাকী আছেAssamese PoemsDipankar Rabha · দীপংকৰ ৰাভা





