স্কুলৰ বেৰত ওলমি থকা
মাজুলীৰ মানচিত্ৰখনে
প্ৰতি বছৰে মোক মিছা কয়।
তাত আমাৰ গাঁৱৰ নাম আছে,
গাঁওখন নাই।
তাত এখন বালিচৰৰ নাম আছে,
সেই বালিচৰৰ ওপৰেৰে এতিয়া ভটভটী চলে।
ছাত্ৰ-ছাত্ৰীক মই শিকাওঁ—
উত্তৰে সুবনশিৰি, দক্ষিণে ব্ৰহ্মপুত্ৰ।
সিহঁতে লিখি লয়।
সিহঁতে নাজানে, মইও নকওঁ,
নৈ দুখনে প্ৰতি বাৰিষাই
আমাৰ দ্বীপখনৰ এটুকুৰা
মাতি লৈ যায়, ঘূৰাই নিদিয়ে।
তথাপি প্ৰতি কাতিত ৰাস হয়,
সত্ৰৰ খোলৰ মাতত ৰাতি পুৱায়,
প্ৰতি ফাগুনত আমি গুমৰাগ নাচোঁ।
সৰু হৈ অহা এই দ্বীপত
মানুহৰ বুকুখন সৰু হোৱা নাই।
মানচিত্ৰখন সলাব লাগে বুলি
হেডমাষ্টৰক কৈছোঁ।
তেওঁ ক’লে, “নতুনখনো এবছৰতে পুৰণি হ’ব।”
সঁচাকৈয়ে,
মাজুলীৰ মানচিত্ৰ কাগজত নহয়,
ইয়াৰ মানুহৰ চকুতহে আঁকিব লাগে।
Assamese · অসমীয়া
Related poems
নদীৰ কাণে কাণেAssamese Poemsঅনন্যা বৰা (Ananya Bora)
তাই - এটি নীৰৱ কবিতাAssamese PoemsKazi Samim Sultana
নীলা আকাশAssamese PoemsRashidul Alom
আইতাৰ গামোচাAssamese PoemsJonmoni Deka · জোনমণি ডেকা
বাটিAssamese PoemsRuksana Yasmin Hazarika · ৰুকচানা য়াছমিন হাজৰিকা
ৰাতি ন বজাৰ অনুষ্ঠানAssamese PoemsRina Teronpi · ৰীণা টেৰণপী





