Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

তাই - এটি নীৰৱ কবিতা

Kazi Shamim Sultana·১ মিনিটৰ পঢ়া

অন্তৰত অনেক উৎসাহ,
মুখত ৰাখে হাঁহি,
মনৰ গভীৰত লুকাই আছে
অনেক বেদনাৰ কাহিনী।

মাক-দেউতাকৰ অতি আদৰৰ,
চকুত অলেখ সপোন,
অন্যক পোহৰ দি
স্বয়ং জ্বলে নীৰৱে।

আল্লাহৰ সমীপত
তাইৰ সকলো অভিমান,
তাই হে জানে
তাইৰ গোপন বলিদান।

ভালপোৱা জনে
নুবুজিলে তাইৰ মন,
তথাপিও বান্ধিব এৰা নাই…..
তাই সপোনৰ বান্ধোন।

বাহিৰে তুফান
ভিতৰে মৃদু ফুল,
অসংখ্য যন্ত্ৰণাতো…..
তাইৰ আশা নহয় শেষ।

নিৰুৎসাহিত হলেও
তাই হাৰ নামানে,
আল্লাহৰ সমীপত তাই বিশ্বাসেৰে…..
পুনৰ এবাৰ ফুলে।

#Hope
কবিৰ পৰিচয়Kazi Shamim Sultana

Kazi Shamim Sultana is a teacher and aspiring writer.

Assam, India

3 Responses

  1. বহুত ধুনীয়া লিখিছা। শব্দবোৰে প্ৰাণ পাই উঠিছে তোমাৰ কবিতাত🫶🏻✨

Leave a Reply

Your email address will not be published. Required fields are marked *