Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

নীলা আকাশ

By Rashidul Alom

নীলিম আকাশৰ ৰং নীলা,
অসীমত যাৰ হেৰাই সীমা।
দিগন্তৰ সেইপাৰে শূন‍্যতাৰ ছাঁয়া,
বিচাৰি ফুৰো জীৱনৰ মায়া॥

হেৰাই যোৱা সপোনৰ দৰে,
জিলিকি উঠে তৰাবোৰে।
চন্দ্ৰৰ পোহৰে কৈ যায়,
অন্ধকাৰে কি মুক্ত কৰে॥

ডাৱৰৰ সিপাৰে ৰ’দৰ হাঁহি,
জোঁনাকী ৰাতিত তৰাৰ কিৰিলি।
হেজাৰ সপোনৰ নীৰৱ ৰাতি,
নীলা আকাশৰ তলত বিচাৰো জীৱনৰ পৰিধি॥

নীলিম আকাশৰ তলত বিষাদৰ ছাঁ পৰে,
মেঘৰ আঁৰত লুকাই থকা বেলিৰ পোহৰৰ দৰে।
বাৰিষাৰ বৰষুণে স্মৃতিৰ ঢৌ আনে,
নোকোৱা কথাবোৰ নীলা আকাশত উৰি ফুৰে॥

নীলিম ৰংৰ আকাশত,
শূন‍্যতাই কথা কয়।
এন্ধাৰৰ জোনাকী ৰাতিত,
আশাৰ প্ৰদীপ জ্বলাই॥

Poet Image

About the Poet

Rashidul Alom, is a poet and author of “Dapunor Xipare Xora Pat”. Through his writing, he explores the depths of human experience, preserve the beauty of Assamese literature and connect hearts beyond the boundaries of language and culture.

📍 Guahati, Assam
Facebook
X
LinkedIn
Threads
WhatsApp

Leave a Reply

Your email address will not be published. Required fields are marked *