তোমাৰ চকুত এতিয়াও কিবা কথা বাকী আছে,
মোৰ বুকুতো লুকুৱাই ৰখা ব্যথা বাকী আছে।
বৰষুণ গ’ল, বাৰিষাও গ’ল দুৱাৰৰ আগেদি,
জেওৰাৰ কাষত তোমাৰ পাহৰা ছাতা বাকী আছে।
খামৰ চামৰাত আঙুলিৰ দাগ পৰিল বহুত,
তুমি শুনিবলৈ তথাপি এটি সুৰ গঁথা বাকী আছে।
গাঁৱৰ নৈখন শুকাল, ঘাটৰ নাওখনো ভাঙিল,
তথাপি ঘাটৰ বৰগছজোপাত এডাল লতা বাকী আছে।
সকলো কথা কৈ দিলোঁ গীতে গীতে তোমাক,
তথাপি দুয়োৰে মাজত এটি নীৰৱতা বাকী আছে।
দীপংকৰ, জুই নুমাল বুলি কিয় দুখ কৰা,
ছাইৰ তলত এতিয়াও জুইৰ মমতা বাকী আছে।
Assamese · অসমীয়া
Related poems
বাটিAssamese PoemsRuksana Yasmin Hazarika · ৰুকচানা য়াছমিন হাজৰিকা
দুধনৈৰ পাৰতAssamese PoemsDipankar Rabha · দীপংকৰ ৰাভা
চিল্ক ব'ৰ্ডৰ জামতAssamese PoemsRituparna Sarma · ঋতুপৰ্ণা শৰ্মা
পিজিৰ পাকঘৰত মাছৰ টেঙাAssamese PoemsRituparna Sarma · ঋতুপৰ্ণা শৰ্মা
দুটি পাত এটি কলিAssamese PoemsBasanti Tanti · বাসন্তী তাঁতী
পাহাৰৰ পৰা চাৰিটা সৰু কবিতাAssamese PoemsRina Teronpi · ৰীণা টেৰণপী





