(গীত)
হেৰা আমাৰ জন্মভূমি!
হেৰা আমাৰ জন্মভূমি!
এনে দেশ কতো নোপোৱা হেৰা তুমি।
হেৰা আমাৰ জন্মভূমি।
কত আছে এনে চাউল পানীত দিলে ভাত?
কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত?
কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক?
এঠা-দৈ কত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি!
কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী?
ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী?
লুইতৰ দৰে বৰ নৈ কত আছে কোৱা?
ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা
হেৰা আমাৰ জন্মভূমি!
কত এনে মিৰি-নাচ, কত এনে বিহু?
কত পাব জগা গাইৰ এনেকুৱা ফেহু?
হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া
লৰা-ছোৱালী কত এনে দেখুৱাই দিয়াঁ?
এনেখনি দেশ কতো নোপোৱা বিচাৰি,
নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি।
হেৰা আমাৰ জন্মভূমি!
১৮৩১ শক, আঘোণ। ঝাৰসোগোড়া।
Assamese · অসমীয়া
Related poems
নাৰায়ণ চৰণে কৰোহো গোহাৰি – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
জয় জয় জাদৱ জলনিধীযাধব ধাতা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
পুৱা – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
৺ৰত্নেশ্বৰ মহন্ত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
অসম দেশেৰ বিবৰণ (অংশ) – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
বান্দৰ আৰু শিয়াল – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



