সকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয়া মানুহৰ কথাকে নকওঁ, আমাতকৈ নিহ মানুহকো সাদৰেৰে কথা কোৱাত একো হানি নহয়, বৰং তাৰ বাবে আমি প্ৰশংসা হে পাওঁহঁক। কিন্তু বৰ ডাঙ্গৰ লোকৰো আনক কটুকথা কোৱা অভ্যাস হলে তেওঁ আটাইৰে অপ্ৰিয় হয়। সকলো মানুহ একে জাতিৰ জীৱ, কেৱল কোনো বিশেষ কাৰণৰ নিমিত্তে অৱস্থাৰ হীন-ডেঢ়ি হয়, এই মাত্ৰ প্ৰভেদ; এতেকে যি যেনে অৱস্থাৰ মানুহ তেওঁক তেনে অৱস্থাৰ উপযুক্ত সম্বোধন কৰি মতাটো ভদ্ৰতা আৰু সুশিক্ষাৰ চিন; কিন্তু হুঁটামাত যাৰ প্ৰতি প্ৰয়োগ কৰা যায়, সেই মাতে তেওঁৰ অসন্তোষ জন্মাইয়ে নেথাকে, যি সেই মাত ব্যৱহাৰ কৰে তেওঁৰো নীচতা আৰু শিক্ষাৰ অভাৱ দেখায়। লোকে আমাক টেঙ্গা কথা কলে আমি ভাল পাওঁ নে? তেন্তে লোকে নো তেনে মাত কিয় ভাল পাব? এতেকে সকলোকে মিঠা মুখেৰে মতা উচিত।
লোকৰ দুখ দেখি মন কোমল হোৱাৰ নাম দয়া। এই দয়া মানুহৰ মনৰ এটি কোমল আৰু মধুৰ ভাব। সি মানুহক দেৱতাৰ তুল্য কৰে, আৰু তাৰ অভাৱত মানুহ পিশাচৰ সদৃশ হয়। যাৰ দয়া নাই, তাৰ মন শিল বা কাঠৰ দৰে টান, আৰু যাৰ হৃদয়ে কাঠ, সি ‘মানুহ’ এই নামৰে অযোগ্য। দয়াই তাক পাওঁতা আৰু দিওঁতা দুইকো ধন্য কৰে, কিন্তু তাৰ বিপৰীত নিষ্ঠুৰতাই তাক পাওঁতাক ক্লেশ দিয়ে, আৰু দিওঁতাকো সকলোৰে গৰিহণাৰ পাত্ৰ কৰে। দয়ালু লোকৰ সকলো বন্ধু, নিষ্ঠুৰ মানুহক তাৰ পুত্ৰ-ভাৰ্য্যায়ো ভাল নেপায়। যি আনৰ প্ৰতি দয়া কৰে, সি দয়া পায়, কিন্তু নিষ্ঠুৰ মানুহ টানত পৰিলে তাক পুতৌ কৰোঁতা কেও নাই, এতেকে সকলোৰে প্ৰতি সদয় ব্যৱহাৰ কৰা উচিত। লোকে তোমাৰ প্ৰতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৱাঁ, তুমিও লোকৰ প্ৰতি তেনে ব্যৱহাৰ কৰিব লাগে, ঘাইকৈ কণা, খোৰা, অসহায় আৰু আতুৰ, এনেবিলাক মানুহৰ প্ৰতি দয়া কৰা, আৰু সাধ্য অনুসৰি সিবিলাকৰ সহায় হোৱা সকলোৰে উচিত। তেনে কোনো অৱস্থাত পৰিলে তুমি লোকৰপৰা সহায়তা নিবিচাৰিবানে? তেন্তে এতিয়া তুমি তেনেবিলাক মানুহৰ প্ৰতি মন কোমল কৰাঁ আৰু সিবিলাকৰ দুখ উপশম কৰিবৰ নিমিত্তে দয়া-মোনাৰ মূৰ মেলা। তোমাৰ পৰিয়াল আৰু আশ্ৰিত লোকৰ প্ৰতিও সদয় হোৱা আৰু সিবিলাকক পোহপাল দি সুখেৰে ৰখা উচিত; কিয়নো সিবিলাকৰ তোমাতে সৰ্ব্ব ভাৰসা, তুমি সিবিলাকক পুতৌ নকৰিলে কোনে কৰিব? এতেকে সিবিলাকৰ প্ৰতিও সদয় হবা।
মানুহৰ কথাকে নকওঁ, ইতৰ জন্তুৰ প্ৰতিও সদয় ব্যৱহাৰ কৰিব লাগে। মানুহৰ দৰে সিহঁতৰো সুখ-দুখ বুজিবৰ শক্তি আছে, আৰু সিহঁতে সুখ-দুখ প্ৰকাশ কৰিবও পাৰে। লৰাই চৰাইৰ ঠেঙ্গত জৰী লগাই টানিলে সি যে চেঁ-চেঁ কৰি আটাহ পাৰে, তাৰ দ্বাৰা সি কি বুজায়? সি যে লৰাৰ সেই কাৰ্য্যৰ দ্বাৰা দুখ পাইছে, তাকে মাথোন কৈ তাক এৰি দিবলৈ কাকূতি কৰো তেনে অৱস্থাত পৰিলে লৰা বা ডাঙ্গৰ মানুহেও কাকূতি কৰে, কিন্তু সি মানুহৰ দৰে পষ্ট মাতেৰে সেই কথা ব্যক্ত কৰিব নোৱাৰে, এই মাত্ৰ প্ৰভেদ। সেই দৰেই আন কোনো জন্তুকো আমি দুখ দিলে বা সি আহাৰ নেপালে নিজ মাতেৰে তাৰ দুখ আমাক জনায়, তেতিয়া আমি তাৰ প্ৰতি আওকাণ নকৰি তাৰ দুখ গুচাব, বা তাক আহাৰ দিব লাগে; কিয়নো আমি তাতকৈ জ্ঞানী আৰু সি আমাৰ অধীন; এতেকে আমি তাৰ দুখ বুজি দয়া নকৰিলে তাৰ উপায় নাই; তাৰ যে মানুহৰ সমান জ্ঞান আৰু পষ্ট মাতেৰে নিজ-দুখ জনাবৰ শক্তি নাই, এই বাৰেই আমি আৰু অধিকৰূপে তাৰ প্ৰতি সদয় হোৱা উচিত, কিয়নো তেনে শক্তি থকা হলে সি আমাৰ সমান হলহঁতেনে সেই শক্তি নথকা হেতু সি আমাতকৈ নিকৃষ্ট, আৰু যি আমাতকৈ নিকৃষ্ট, সি আমাৰ সমনীয়াতকৈ অধিক দয়াৰ পাত্ৰ। এতেকে তুমি কোনো জন্তুৰ প্ৰতি নিষ্ঠুৰ আচৰণ নকৰিবা, কিন্তু সকলোৰে দুখত পুতৌ কৰিবা।
Assamese · অসমীয়া
Related articles
মাধুৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
পৰ্ব্বততে ফুলিলে ৰঙানোকৈ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
জলকুৱঁৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
প্ৰেম – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
অৱশেষ – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
মাই মাই খেলত গোপাল গোঁসাই – মাধৱদেৱAssamese Classicsমাধৱদেৱ



