Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

কানীয়াৰ কীৰ্ত্তন — প্ৰথম অঙ্ক, প্ৰথম দৰ্শন (অংশ)

ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।

(যোৰ-পাটী-ঢৰাত বৰ গাঁৰু আৰু আগত তামোলৰ বঁটা লৈ ভদ্ৰেশ্বৰ উপবিষ্ট।)

পদ্মপাণি মহন্তৰ প্ৰবেশ।

ভদ্ৰেশ্বৰ। — গোসাঁই দেউ বহোক, ভালেমান দিন দেখোঁ দেখা নাই, কলৈ নো যোৱা হৈছিল?

পদ্মপাণি। — কৃষ্ণ শঙ্কৰ, (থঙ্গাত উপবেশন) ডাঙ্গৰীয়া বাপু, আমি মহাজন মানুহ, আন কিবা বিৰ্ত্তি আছে নে? শিচ কেইঘৰৰ পৰা যি পাওঁহক সেয়ে হে। তাতে এতিয়া ভাদত দুজনা গুৰুৰ কীৰ্ত্তন, তাৰ পিচতে আতাৰ তিথিও পৰিব, এই দেখি শিচ-গাৱঁলৈ যোৱা হৈছিল।

ভদ্ৰ। — শৰীৰ দেখো বৰ কৃশ, কি হৈছিল?

পদ্ম। — এ! ডাঙ্গৰীয়া বাপু, আমাৰ শৰীৰৰ কথা সোধা নে যাব। "বাৰেটা মাহৰ তেৰেটা জগৰ, সদায় নুগুচে এটা লগৰ"। গৃহস্থজনৰ কিবা এফেৰি সেৱা চুৰ কৰিলোহঁক হবলা, সদায় গাৰ নৰিয়াই নুগুচে; তাতে আকৌ কালিৰপৰা পেটৰ কামোৰ, তেজ পৰিছে। মানুহ এগৰাকীয়ে বুধি দিলে, বোলে, ভালবাৰী-কানি এফেৰি খাই দিলেই তাল মাৰি ধৰিব। এতিয়ালৈকে জানিবা, গৃহস্থৰ চৰণে কানি, ভাং, ধঁপাত, এই কেইটা বস্তু নোখোৱাকৈ ৰাখিছে, এতিয়া টানত পৰি অষধৰ বাবে নেখালে নোৱৰা হৈছোঁহঁক; তাতে পোহাৰলৈ পঠালোঁ, তাতো ভাল কানি নেপালে, কিবা ফপুৱা এসোপা আনিলে, তাৰ একো গুণ নাই; এই দেখি এখেত কেনেবাকৈ বাৰীয়লীয়া কানি আছে বুলি ভু লবলৈ হে আহিছোঁহঁক।

ভদ্ৰ। — (মনে মনে) মহাজন কি ভণ্ড। কানি খায়, তেও সৈ নেকাঢ়ে। আজি-কালি সন্ত, মহন্ত, একো চিনিব নোৱৰা হল। কানি সাত সুৰাৰ লগৰ এক সুৰা, তাকো আমাৰ মহন্তসকলে খাবলৈ ধৰিলে, এইবোৰ মহাজনে আৰু শিচক কি তাৰিব? (প্ৰকাশকৈ) গোসাঁই দেউ, আমি সেইটো বস্তুৰ ব্যৱহাৰ নকৰোঁ; তেও বাৰু পেৰাত চাওঁচোন। হেৰ মঙ্গলা অ, মঙ্গলা!

(ভিতৰৰপৰা) দেউতা!

ভদ্ৰ। — হেৰ, আইটী-মাকক খুজি মোৰ হাতনি-পেৰাটো লৈ আহ।

(ভিতৰৰপৰা) ভাল দেউতা।

[পেৰাৰ সৈতে মঙ্গলাৰ প্ৰবেশ আৰু পেৰা থৈ প্ৰস্থান]

ভদ্ৰ। — (পেৰা মেলি) গোসাঁই দেউ, আপোনাৰ কপাল ভাল, ইয়াতে ভাল কানি এটা আছে, ধৰোক।

পদ্ম। — [কানি লৈ] ডাঙ্গৰীয়া বাপু, পেটৰ কামোৰত তত নাই, গাটোৱে টগবগাব লাগিছে। উপায় হোৱা হলে অলপমান ইয়াতে খাই যোৱা হলহঁতেন।

ভদ্ৰ। — ভাল গোসাঁই দেউ। হেৰ বাপা অ! কীৰ্ত্তি।

(ভিতৰৰপৰা) দেউতা!

ভদ্ৰ। — এখেলৈ আহ।

কীৰ্ত্তিকান্তৰ প্ৰবেশ।

ভদ্ৰ। — আমাৰ গোসাঁই দেউক দৰব খাবলৈ উপায় কৰি দে গৈ।

কীৰ্ত্তি। — ভাল। গোসাঁই দেউ অহা যাওক।

পদ্ম। — বাৰু বাপা বলা। গাটো হে জানিবা বিধুতি; তেও দৰব খোৱাত দাই নাই।

ভদ্ৰ। — (মনে-মনে) কানীয়াৰ এই অৱস্থা, এদিনমান কানি খাবলৈ নে পালেই ধৈৰ্য্য, মান, সকলো এৰে; এইবোৰ দেখিও যি কানি খাবলৈ শিকে, তাতকৈ অজ্ঞান কোন আছে?

(তিনিওৰো প্ৰস্থান)

উৎস: হেমচন্দ্ৰ বৰুৱা, কানীয়াৰ কীৰ্ত্তন (প্ৰথম প্ৰকাশ ১৮৬১; নৱম তাঙ্গৰণ, শিৱসাগৰ, ১৯৪৮), পৃ. ৯–১২ — স্কেন: ৱিকিউৎস / Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৮৬১

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

প্ৰবন্ধদুজন উকীলৰ কথা“লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যি লোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰা আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা …পাঠ-মালাপঢ়ক →প্ৰবন্ধঅঙ্গ-পৰিচালনাযাৰ গা নিৰ্ব্বল আৰু ৰুগীয়া তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে; এতেকে শৰীৰ যেন সবল আৰু নি…পাঠ-মালাপঢ়ক →প্ৰবন্ধএজন মহগিৰীৰ কথাযি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰু…পাঠ-মালাপঢ়ক →প্ৰবন্ধপৰিশ্ৰমৰ সুগুণমানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন…পাঠ-মালাপঢ়ক →প্ৰবন্ধমিঠা মাত আৰু সদয় ব্যৱহাৰসকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয…পাঠ-মালাপঢ়ক →প্ৰবন্ধসম্মানঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।পাঠ-মালাপঢ়ক →
হেমচন্দ্ৰ বৰুৱা — লেখকৰ পৃষ্ঠা →