Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

অঙ্গ-পৰিচালনা

যাৰ গা নিৰ্ব্বল আৰু ৰুগীয়া তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে; এতেকে শৰীৰ যেন সবল আৰু নিৰোগী হয়, এইটো সকলোৰে বাঞ্ছা; কিন্তু কি প্ৰকাৰে সেয়ে হব পাৰে, আমাৰ দেশৰ সৰহ ভাগ মানুহে তাক গমি নেচায়, আৰু নেজানে। শৰীৰ বলিষ্ঠ কৰিবৰ ঘাই উপায় শাৰীৰিক পৰিশ্ৰম। সেই পৰিশ্ৰম নকৰা মানুহৰ গা আটিল নহয়, কেঁচা কুমাৰ-মাটিৰ দৰে কোমল। যি বস্তু, আটিল নহয় সি কেওিয়াও বলৱান্ হব নোৱাৰে। কোমল বস্তু যে বলৱান্ন হয়, তাৰ দৃষ্টান্ত দেখাওঁতে লৰা আৰু বয়সীয়া মানুহৰ তুলনা দিলেই হয়। বয়সীয়া মানুহতকৈ লৰাৰ গা কোমল, এতেকে ডেকাতকৈ লৰা নিৰ্ব্বল।

বলৱান্ মানুহ উৎসাহী আৰু সাহিয়াল হয়, আৰু বৰ পৰিশ্ৰমৰ কামো অনায়াসে কৰিব পাৰে। নিৰ্ব্বল মানুহ এলেহুৱা, ভয়াতুৰ; আৰু অলপ পৰিশ্ৰম হোৱা এটা কাম কৰিলেই শ্ৰান্ত হয় বা কৰিবই নোৱাৰে। দুৰ্ব্বল মানুহক ৰোগেও অতি শীঘ্ৰে পীড়ে। আটিল গাবে বলৱন্ত মানুহক নৰিয়াই সিমান কষ্ট দিৱ নোৱাৰে। এই কাৰণেই আপোনাৰ শৰীৰ দৃঢ় আৰু বলিষ্ঠ কৰা উচিত; তাকে কৰিব লাগিলে নিতৌ উত্তমৰূপে অঙ্গ বিলাকক পৰিচালনা কৰিব লাগে। হাত ভৰি আৰু গা এই বিলাকক চলাই থাকিলে সিহঁত আট মাৰে, লঘু, আৰু কাৰ্য্য কৰিবৰ যোগ্য হয়, আহাৰেও শীঘ্ৰে পাক পায়; আৰু তেজ মাংস হৈ গোটেই গালৈ চলি যায়; তাতে গা পুষ্ট আৰু সৱল হয়। কিন্তু যি অঙ্গকে চলোৱা নেযায়, সিয়েই দুৰ্ব্বল আৰু অকৰ্ম্মা হয়। অনেকেই ঊৰ্দ্ধবাহু সন্ন্যাসী দেখিছে। তেনে মানুহে হাত এটা ওপৰলৈ দাঙ্গি লৰ-চৰ নকৰাকৈ থকাত সেইটো হাত একেবাৰেই অকামিলা হৈ পৰে। কিন্তু সদায় হাঁতুৰী মাৰি থকা কমাৰৰ হাত বলৱান আৰু টান। ইয়াৰ দ্বাৰা বুজা যাব পাৰে যে, যি মানুহে যি পৰিমাণে অঙ্গবিলাক চলায়, সেই পৰিমাণে তাৰ গা দৃঢ় আৰু সৱল হয়। অঙ্গ-চালনাৰ অনেক উপায় আছে। প্ৰথম ব্যায়াম, যাক হিন্দী-ভাষাত “কুস্তী” বোলা যায়, কিন্তু নিশিকিলে; তাক কৰিব নোৱাৰি; এতেকে সি সকলোৰে সাধ্য নহয়। তাত বাজে নাও বোৱা, কোৰ মৰা, খোজ কাঢ়ি ফুৰা, ভটা-গুটি, ঢোপ, বা বল খেলোৱা আদি শাৰীৰিক পৰিশ্ৰমৰ কাম অনেক আছে। সেই বিলাকৰ ভিতৰৰ যি যিটো পাৰে, তাক নিতৌ এই পৰিমাণে কৰা উচিত, যেনে গাৰ সকলো অঙ্গ পৰিচালিত হয়, অথচ নিজে সহিব পৰাতকৈ অধিক শ্ৰম নহয়।

যিবিলাক মানুহ কামত নিযুক্ত হৈ সদায় পুৰি থাকে, সেই বিলাকতকৈ যি সকলে লিখি, পঢ়ি বা এনেই ঘৰত বহি থাকি কাল খোদায়, সিবিলাক ওপৰত কোৱাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবৰ অধিক আৱশ্যকতা পৰে। গাৰ অঙ্গ নচলাই সদায় মনটো চলাই থাকিলে শৰীৰ আৰু মন দুয়ো অতি শীঘ্ৰে নিস্তেজ আৰু জীৰ্ণ হয়। এতেকে মনেৰে শ্ৰম কৰা লোকবিলাকে গাৰেও শ্ৰম কৰিব লাগে। কোনো এজন জ্ঞানী বৈদ্যে কৈছে যে, “নিৰ্ম্মল বতাহ, বিশুদ্ধ পানী আৰু শাৰীৰিক পৰিশ্ৰম, এই তিনিয়েই মানুহৰ ঘাই চিকিৎসক।”

উৎস: হেমচন্দ্ৰ বৰুৱা, পাঠ-মালা (প্ৰথম প্ৰকাশ ১৮৮২; চতুৰ্দশ তাঙৰণ, হেমকোষ প্ৰকাশন, ১৯৮৬), পৃ. ৩৫–৩৭ — স্কেন: ৱিকিউৎস / Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৮৮২

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

প্ৰবন্ধমিঠা মাত আৰু সদয় ব্যৱহাৰসকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয…পাঠ-মালাপঢ়ক →প্ৰবন্ধএজন মহগিৰীৰ কথাযি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰু…পাঠ-মালাপঢ়ক →প্ৰবন্ধসম্মানঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।পাঠ-মালাপঢ়ক →নাটককানীয়াৰ কীৰ্ত্তন — প্ৰথম অঙ্ক, প্ৰথম দৰ্শন (অংশ)ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।কানীয়াৰ কীৰ্ত্তনপঢ়ক →প্ৰবন্ধপৰিশ্ৰমৰ সুগুণমানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন…পাঠ-মালাপঢ়ক →প্ৰবন্ধদুজন উকীলৰ কথা“লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যি লোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰা আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা …পাঠ-মালাপঢ়ক →
হেমচন্দ্ৰ বৰুৱা — লেখকৰ পৃষ্ঠা →