ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।
যি আদি কাৰণৰ পৰা এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই; সকলোৰে অন্ত আছে, তেওঁৰ অন্ত নাই। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালন কৰ্ত্তা; এতেকে তেওঁক শ্ৰদ্ধা আৰু ভক্তি কৰা সকলোৰে উচিত। পৃথিৱীত মানুহৰ যত মান্য লোক আছে, তেওঁ সেই সকলোবিলাকতকৈ অধিক মান্য। সকলো দেশৰ, সকলো জাতিৰ, সকলো ধৰ্ম্মৰ জ্ঞানী লোকবিলাকে তেওঁত বিশ্বাস আৰু ভক্তি কৰে, আৰু যাৰ তেওঁত শ্ৰদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি ঘিণায়; এতেকে তোমাৰ সমুদায় মন বুদ্ধি আৰু শক্তিৰে তেওঁত শ্ৰদ্ধা আৰু ভক্তি কৰিবা।
ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়; তেওঁবিলাকেই আমাক জন্ম দিছে, আৰু তেওঁলোকৰপৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোহঁক। আমি যেতিয়া কেঁচুৱা আছিলোঁ, আমাৰ উঠি লৰি ফুৰিবৰ শক্তি নাছিল, তেতিয়া তেওঁবিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল; আমি নেখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল; আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত বিহ্বল হৈ তেওঁবিলাকে আমাৰ আৰোগ্যৰ নিমিত্তে যত্ন কৰিছিল; আন কি? আমাৰ কুশলৰ কাৰণে প্ৰাণকো উচৰ্গিছিল। আমি অলপ ডাঙ্গৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছিল, আৰু এতিয়াও আমি ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নেথাকে; কিন্তু আমাৰ দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনিলে মুখ মলিন, আৰু চক্ষু লোতকেৰে পূৰ হয়। সেই পিতৃমাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। এতেকে আমি সদাই তেওঁলোকৰ আজ্ঞা মানিব আৰু সিবিলাকক সম্মান কৰিব পাওঁহঁক। আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্ৰূষা কৰা আৰু পোহ-পাল দি তেওঁবিলাকক সুখেৰে ৰখাও আমাৰ কৰ্ত্তব্য।
কণা মানুহক যি জনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাতৰক চকু দিয়ে। ছাতৰে চকু থাকোঁতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে, অধ্যাপকৰ অনুগ্ৰহত চক্ষু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয়। এনে অধ্যাপকৰ প্ৰতি যি সম্মান নকৰে, তাৰ সমান অশলাগী মানুহ নাই। আমাৰ শাস্ত্ৰত লিখা আছে যে, এটি মাথোন আখৰ ছাতৰক শিকায়, তেওঁ পৃথিৱীত এনে বস্তু নাই; যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে। এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান-সৎকাৰ কৰিবা, আৰু তেওঁৰ বশ হবা।
দেশৰ অধিকাৰসকল দুষ্টৰ দমন, আৰু শিষ্টৰ পালন কৰোঁতা। যি দেশৰ অধিকাৰ নাই, শাসনকৰ্ত্তা নাই, সেই দেশ অৰাজক, আৰু ধুমূহাবতাহত গুৰিয়াল-নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে ‘স্বপ্ৰধান’ হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এই কাৰন নিজ বলেৰে নোৱাৰিলে মানুহৰ ধন-প্ৰাণৰ ৰক্ষাই টান হয়, আৰু কাৰো সুখশান্তিও নেথাকে। কিন্তু দেশৰ অধিকাৰে দুষ্টক দমি সন্তক পালন কৰা হেতু কেও কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে আৰু দেশত শান্তি প্ৰৱল হয়। এতেকে যিসকলৰ ভয়ত চোৰ ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্ৰাণ, আৰু মান ৰক্ষা পৰিছে, আৰু আমি নিৰ্ভয় মনেৰে আছোঁহঁক সেই শাসন-কৰ্ত্তাসকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলোকৰ শলাগ লব আৰু সিবিলাকক সম্মান কৰিব লাগে।
যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেৱেঁই তোমাৰ মান্য; বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্ৰেষ্ঠ, তেওঁৱিলাকৰ কোনো জন তোমাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ, কোনো জন মাতৃৰ, কোনো জন বা পিতৃৰ বয়সীয়া আৰু কোনো জন তোমাতকৈ বহুদৰ্শী, এতেকে তুমি তেওঁবিলাকৰ প্ৰতি সমুচিত সন্মান কৰিব লাগে; আৰু সিবিলাক, নিঃকিন হলেও উপালম্ভৰ যোগ্য নহয়।
Assamese · অসমীয়া
Related articles
কবিতা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
চম্পাৱতী – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
ভূমিকা – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
আসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
যাউতিযুগীয়া ধনে মোৰ অ’ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
ঢোঁৰাকাউৰী আৰু টিপচীচৰাই – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



