Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

বাঁহী

যি বাঁহী সুৰত পমা গোকুলৰ ৰাণী,
বংশীধাৰী পিচ-ধৰা ষোল শ গোপিনী;
যি সুৰে হৃদয় পশি মুগ্ধ সংসাৰীৰ,
বৈৰাগ্য ভাবত কৰে উদাস অস্থিৰ;
তাপিত বিৰহী প্ৰাণ যি সুৰে উদ্ধাৰি,
কল্পনা ৰথত তুলি সাজে বংশীধাৰী;
খৰতৰ ধাৰে যোৱা প্ৰেমনদী হাঁয়,
যি সুৰে বলিয়া কৰি উভতি বোৱায়;
গভীৰ তপস্যা মগ্ন যোগিৱৰ ধ্যান,
শূন্যত লুকায় শুনি যি বাঁহীৰ তান;
নৰঘাতী ৰাক্ষসিনী নিদয়া পাষাণী,
উদ্দেশ্য পাহৰে শুনি যি বাঁহী ৰাগিণী;—

কোনে কয় অচেতন, পৰ-মুখ বায়ু,
আজীৱন জীয়া বাঁহী, সৃষ্টি পৰমায়ু।

উৎস: জুৰণি (১৯৩৮), লীলা এজেঞ্চি, তেজপুৰ — অসমীয়া ৱিকিউৎসৰ স্কেন
প্ৰথম প্ৰকাশ: ১৯৩৮

Leave a Reply

Your email address will not be published. Required fields are marked *