নিমাতী প্ৰকৃতি জুৰি জড়জগতত,
অব্যক্ত ভাবৰ হকে মুকলি দুৱাৰ;—
সজীৱ কবিতা সৃষ্টি ভাবুক প্ৰাণত,
নিৰ্জ্জীৱ কল্পনা কৰি জীৱ-সমিচাৰ।
প্ৰমত্ত প্ৰেমিকে পতা ৰূপহী ফুলনি
মহা উলাহত ফুলে জক্মক্ কৰি;
পৰাণ উন্মাদ তাৰ ভবিষ্য নগণি,
কবিতাৰ আঁচলত আবেগেৰে ধৰি।
সপোন ৰাজ্যৰ সেই সৌন্দৰ্য্যৰ পাহি
লেৰেলি মৰহি যায় বিৰহ তাপত;
নসহি মানিনী পাচে পুনৰপি আহি
সন্তৰ্পণে ফুলচাকি পিন্ধেহি থোপাত!—
প্ৰেমৰ অমিয়া চুহি,—কল্পতৰু জিনি,—
বিৰহ-পোৰণি মাৰে পিয়াই জুৰণি।
Assamese · অসমীয়া
Related poems
আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ — প্ৰথম অধ্যায় (অংশ) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
ৰহদৈ লিগিৰী — প্ৰথম অধ্যায়: ৰহদৈ (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
জীৱৰ সাৰথি নাম – আজান ফকীৰAssamese Classicsআজান ফকীৰ
বীণ-বৰাগী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
জয় জয় জাদৱ জলনিধীযাধব ধাতা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
ভূমিকা – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন





