(গীত)
(ইংৰাজী সুৰ)
অ মোৰ আপোনাৰ দেশ!
অ মোৰ চিকুণি দেশ!
এনেখন শুৱলা,
এনেখন সুফলা,
এনেখন মৰমৰ দেশ॥
অ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ কতো
বিচাৰি জনমটো
নোপোৱা কৰিলেওঁ পাত॥
অ মোৰ ওপজা ঠাই!
অ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখখনি এবাৰ,
হেপাহ মোৰ পলোৱা নাই।
অ মোৰ আপোনাৰ দেশ।
অ মোৰ সুকীয়া দেশ!
ৰা তা তা, ৰা তা তা,
তা তা তা, ৰা তা তা,
অ মোৰ মৰমৰ দেশ!
১৮৩২ শক। জেঠ, হাওড়া।
Assamese · অসমীয়া
Related poems
মানৱ বন্দনা – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
জোনাকীৰ প্ৰতি সম্বোধন – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
উঠৰে উঠ বাপু গোপাল হে – মাধৱদেৱAssamese Classicsমাধৱদেৱ
মনোমতী — প্ৰথম অধ্যায়: বৰপেটাৰ কীৰ্ত্তনঘৰত (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
ছয় ঋতুৰ ডাক – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
হক হুৰ বিনে আল্লা কেউ নাই আন – আজান ফকীৰAssamese Classicsআজান ফকীৰ





