Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

ব্লু টিকৰ যুগত

Nirod Chandra Das · নিৰোদ চন্দ্ৰ দাস·১ মিনিটৰ পঢ়া

তেত্ৰিশ বছৰ চিঠি বিলালোঁ
চাইকেলৰ ঘণ্টি বজাই,
এতিয়া ঘৰত বহি আছোঁ,
নাতিয়ে মোক মোবাইল শিকায়।

আগতে চিঠি আহিছিল মাহে এখন,
খামৰ ভিতৰত গোটেই মন,
এতিয়া পুৱাই ফোনটো বাজে—
“গুড মৰ্নিং”ৰ ফুল চল্লিশখন।

ভাগিনে পঠায় গোলাপ ফুল,
খুৰাই পঠায় সূৰ্যোদয়,
মামীয়ে পঠায় দেৱতাৰ ছবি,
তলত লিখা— “শ্বেয়াৰ নকৰিলে ভয়!”

চিঠিত আছিল মাকৰ চকুলো,
প্ৰেমিকৰ কঁপা হাতৰ আখৰ,
এতিয়া মৰমো ষ্টিকাৰ এটা,
চকুলোও এটা হালধীয়া চকৰ।

নাতিয়ে কয়, “ককা, তুমিও পঠোৱা
এখন চেলফি, মুখত হাঁহি।”
আধা ঘণ্টা চশমা বিচাৰি
পালোঁ— কপালতে আছিল বহি!

তথাপি নিশা টোপনি নাহিলে
পুৰণি বাকচটো খুলি চাওঁ,
হালধীয়া পৰা খামবোৰত
মানুহৰ গাৰ গোন্ধ পাওঁ।

#Humour#Letters#Old Age#Rhyme#Technology
কবিৰ পৰিচয়Nirod Chandra Das · নিৰোদ চন্দ্ৰ দাস

নিৰোদ চন্দ্ৰ দাসৰ জন্ম ১৯৬৫ চনত, বৰপেটাত। ডাক বিভাগত তেত্ৰিশ বছৰ চাকৰি কৰি পোষ্টমাষ্টৰ হিচাপে অৱসৰ লৈছে। মানুহৰ চিঠি বিলাওঁতে শিকা হাঁহি আৰু দুখৰ কথাবোৰ এতিয়া নিজেই লিখি থাকে।

Nirod Chandra Das (b. 1965) of Barpeta retired as a postmaster after thirty-three years in the postal service. He now writes down the laughter and sorrow he learnt while delivering other people's letters.

Barpeta, Assam, India

Leave a Reply

Your email address will not be published. Required fields are marked *