প্ৰণামিলো ৰাম পদে ত্ৰৈলোক্যৰ নাথ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত॥
সুগ্ৰীৱৰ হিত বধ বালীৰ মৰণ।
মাধবে ভণিলা পদ শ্ৰীৰাম চৰণ॥
ৰামায়ণ কথাক সুমৰে যিটো জনে।
পাপ মৃগ পলাই যেন সিংহ দৰশণে॥
বিজুলি ছটকে যেন অথিৰ সংসাৰ।
ৰাম সুমৰণে কোটী পুৰুষ উদ্ধাৰ॥
শুনা সভাসদ ৰাম চৰিত্ৰ উত্তম।
সমস্ত লোকৰ ইটো ধৰ্ম্ম মোক্ষত্তম॥
ইহাৰ স্মৰণে সুখে তৰিবা সংসাৰ।
জানি ৰামচন্দ্ৰৰ চৰিত্ৰ কৰা সাৰ॥
Assamese · অসমীয়া
Related poems
তাম্ৰেশ্বৰীৰ মন্দিৰ — প্ৰথম অধ্যায় (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
৺ৰত্নেশ্বৰ মহন্ত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
সন্ধিয়া – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
লট্কন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
যাউতিযুগীয়া ধনে মোৰ অ’ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা




