Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

কিষ্কিন্ধ্যাকাণ্ডৰ সমাপ্তি — কবিৰ নিবেদন (অংশ)

এহি মানে কিষ্কিন্ধ্যা কাণ্ডৰ সমাপতি।
দ্বিজ ৰাজ মাধব কন্দলী নিগদতি॥

শুনিলাহা সমাজিক ৰামৰ চৰিত্ৰ।
নানা ৰসে বসৱন্ত পৰম বিচিত্ৰ॥

আক শুনি হুয়ো সবে মনত সন্তোষ।
বঢ়াটুটা নলৈবাহা মোৰ যত দোষ॥

বাল্মিকীৰ কৃত যত সংসাৰতে সাৰ।
ৰাম কথা শুনি হোৱা সংসাৰৰ পাৰ॥

আপোনাৰ বুদ্ধি বলে যিমত বুজিলোঁ।
সংক্ষেপ কৰিয়া তাক পদে নিবন্ধিলোঁ॥

সমস্ত ৰসক কোনে জানিবাক পাৰে।
পক্ষী সব উৰে যেন পথা অনুসাৰে॥

কতো নিজ কতো লম্ভা কথা অনুসাৰে
সমাজ্যায়ে নিবন্ধয় লোক ব্যৱহাৰে॥

কবিৰ কবিতা গুণ কবি এসে জানে।
প্ৰসবৰ দুখ যেন বন্ধ্যাই নজানে॥

দেব বাণী নুহি ইটো ৰস ৰসে কথা।
এতেকে ইহাৰ দোষ নলৈবা সৰ্ব্বথা॥

ৰামৰ চৰিত্ৰ বুলি তৰিয়ো সংসাৰ।
আলাস তেজিয়া ৰাম বোলা বাৰ বাৰ॥

উৎস: মাধৱ কন্দলিৰ ৰামায়ণ, কিষ্কিন্ধ্যাকাণ্ড (বিষ্ণুৰাম তালুকদাৰ সম্পাদিত, ১৯২৮), পৃ. ১৩৬ — ৱিকিউৎস / স্কেন
প্ৰথম প্ৰকাশ: ১৯২৮

Leave a Reply

Your email address will not be published. Required fields are marked *