অভিপ্ৰায় অলঙ্কাৰ দেখিলন্ত থিত।
আগতে আনিয়া তেবে কৰোঁ উপস্থিত॥
আচিলেক নাচিলেক জানকী সীতাত।
হুয়ো পৰিচয় দেখি আপুনি সাক্ষাত॥
ৰাঘৱে বোলন্ত শুনা বচন আমাৰ।
প্ৰাণত অধিক মোৰ তুমি মিত্ৰ সাৰ॥
কৰিয়োক হৃদয়ত সন্তোষ বিস্তৰ।
মই চক্ষু দেখোঁহু বান্ধৈৰ অলঙ্কাৰ॥
অলঙ্কাৰ আগত সুগ্ৰীৱ আনি দিলা।
দুইহাত মেলি ৰামে হৃদয়ত লৈলা॥
হা প্ৰাণেশ্বৰী বুলি কান্দি মূৰ্চ্চা গৈলা।
ভূমিত পৰিয়া প্ৰভু অচেতন ভৈলা॥
ক্ষণেক চেতন পাই ত্ৰৈলোক্যৰ নাথ।
হা সীতা বুলি মুঠি হানন্ত হিয়াত॥
বিহা কৰি আনিলোহু আতি অভি যোগ।
তোক মোক বঞ্চিলেক অযোধ্যাৰ ভোগে॥
নেত্ৰক মেলিয়া এক দিশক নচাইলো।
পিয়াসে পীড়িলা অন্ন খুজিয়া নপাইলো॥
হা কৈক গৈলেনূ মোৰ মনমোহা নাৰী॥
দশৰথ নৃপতিৰ প্ৰথম বহাৰী॥
এহি অলঙ্কাৰে আছিলাহা মোৰ পাশে।
দুৰ্জ্জন ৰাৱণে হৰি নিলেক আকাশে॥
এহি বুলি অলঙ্কাৰ হৃদয়ে ধৰিলা।
আতি আৰ্ত্তৰাৱে ৰামে ক্ৰন্দন কৰিলা॥
ৰামৰ বিলাপ দেখি লক্ষ্মণ সুগ্ৰীৱ।
অশেষ সন্তাপে মুষ্ঠি হানিলন্ত হিয়॥
বানৰৰ ৰাজা পাছে কৰিলা আশ্বাস।
শোকে কিছু নসাধয় নুহিবা হতাশ॥
সন্ধুক্ষণ ভৈলা পাছে ত্ৰৈলোক্যৰ নাহ।
শোকে দুখে অগনি শৰীৰ কৰে দাহ॥
Assamese · অসমীয়া
Related poems
হক হুৰ বিনে আল্লা কেউ নাই আন – আজান ফকীৰAssamese Classicsআজান ফকীৰ
তেজীমলা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
বাসন্তীৰ বিয়া – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
মানৱ বন্দনা – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
বনকুৱঁৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা




