Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

কিষ্কিন্ধ্যাকাণ্ডৰ আৰম্ভণি (অংশ)

প্ৰণামিলো ৰাম পদে ত্ৰৈলোক্যৰ নাথ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত॥

সুগ্ৰীৱৰ হিত বধ বালীৰ মৰণ।
মাধবে ভণিলা পদ শ্ৰীৰাম চৰণ॥

ৰামায়ণ কথাক সুমৰে যিটো জনে।
পাপ মৃগ পলাই যেন সিংহ দৰশণে॥

বিজুলি ছটকে যেন অথিৰ সংসাৰ।
ৰাম সুমৰণে কোটী পুৰুষ উদ্ধাৰ॥

শুনা সভাসদ ৰাম চৰিত্ৰ উত্তম।
সমস্ত লোকৰ ইটো ধৰ্ম্ম মোক্ষত্তম॥

ইহাৰ স্মৰণে সুখে তৰিবা সংসাৰ।
জানি ৰামচন্দ্ৰৰ চৰিত্ৰ কৰা সাৰ॥

উৎস: মাধৱ কন্দলিৰ ৰামায়ণ, কিষ্কিন্ধ্যাকাণ্ড (বিষ্ণুৰাম তালুকদাৰ সম্পাদিত, ১৯২৮), পৃ. ১ — ৱিকিউৎস / স্কেন
প্ৰথম প্ৰকাশ: ১৯২৮

Leave a Reply

Your email address will not be published. Required fields are marked *