Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

দুজন উকীলৰ কথা

“লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যি লোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰা আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা আপোনাৰ ফান্দতে আপুনি পৰে।

এজন বৰ বুধিয়ক আৰু তৰ্ক-শাস্ত্ৰত পাৰ্গত ডেকাই তেওঁক গোচৰৰ উত্তৰ-প্ৰত্যুত্তৰ শিকাবৰ নিমিত্তে এজন প্ৰাচীন উকীলক প্ৰাৰ্থনা কৰি তেওঁক ছলিবৰ মনেৰে এইৰূপে কথা বান্ধিলে যে, শিক্ষা-সমাপ্তিৰ পাচত গোচৰত জিকিলে তেওঁ সেই শিক্ষকক দহ হেজাৰ টকা দিব।

পাচে উত্তৰ-প্ৰত্যুত্তৰত পাৰ্গত হৈ আৰু অনেক গোচৰত জিকিও অঙ্গীকৃত পুৰস্কাৰ নিদিয়াত শিক্ষকে গোচৰ কৰিলে; তাতে সেই ডেকা উকীল উপস্থিত হৈ এই উত্তৰ দিলে যে, তেওঁ সেইৰূপে নিয়ম বান্ধি বিদ্যা শিকা সঁচা; কিন্তু সেই নিয়ম মতে কোনো প্ৰকাৰেই গোচৰত টকাৰ বাবে দায়ী নহয়। কিয়নো, বাদী যদি গোচৰত জিকে, তেন্তে তেওঁ হাৰিব; কিন্তু পূৰ্ব্বে তেওঁ জিকিলেহে ধন দিবৰ প্ৰতিজ্ঞা কৰিছিল; এতেকে গুচৰীয়াই তেওঁৰ পৰা একো নেপায়; আৰু যদি তেওঁহে জিকে, তেনেহলে গুচৰীয়া হাৰিব, সুতৰাং গোচৰৰ টকা পাবৰ তেওঁৰ একো অধিকাৰেই নাই; কাৰণ জিকা পক্ষৰ পৰা হৰা পক্ষে ধন পোৱাটো প্ৰচলিত বিধি আৰু ৰীতি বিৰুদ্ধ।

গুচৰীয়াই প্ৰত্যুত্তৰ কৰিলে যে, যদি তেওঁ গোচৰত জিকে তেন্তে পদকীয়া হাৰিব; তেতিয়া তেওঁ অৱশ্যে সেই টকা পাব; কিয়নো ব্যৱস্থা শাস্ত্ৰৰ বিধান অনুসাৰে হাৰোঁতাৰ পৰা গোচৰৰ ধন উলিয়াই জিকোঁতাক দিবৰ নিমিত্তে বিচাৰক বাধ্য তেওঁ তাৰ বিপৰীত আচৰণ কৰিব নোৱাৰে; আৰু যদি গোচৰত তেওঁৰ পৰাজয় হয়, তেন্তে পদকীয়াৰ জয় হব, তেতিয়া পদকীয়াই নিজ অঙ্গীকাৰ অনুসৰিয়েই গোচৰৰ ধন দিবলগীয়া হব; এতেকে দুয়ো প্ৰকাৰে তেওঁ গোচৰৰ ধন পাবৰ অধিকাৰী।

বিচাৰকে দুয়ো ফালৰ উত্তৰ-প্ৰত্যুত্তৰ গমি চাই গুচৰীয়াৰ কথা সঙ্গত বুজিলে আৰু বাঢ়িৰে সৈতে গোচৰৰ ধন তেওঁ পাবৰ সিদ্ধান্ত কৰিলে।

উৎস: হেমচন্দ্ৰ বৰুৱা, পাঠ-মালা (প্ৰথম প্ৰকাশ ১৮৮২; চতুৰ্দশ তাঙৰণ, হেমকোষ প্ৰকাশন, ১৯৮৬), পৃ. ১৮–১৯ — স্কেন: ৱিকিউৎস / Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৮৮২

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

প্ৰবন্ধপৰিশ্ৰমৰ সুগুণমানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন…পাঠ-মালাপঢ়ক →প্ৰবন্ধঅঙ্গ-পৰিচালনাযাৰ গা নিৰ্ব্বল আৰু ৰুগীয়া তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে; এতেকে শৰীৰ যেন সবল আৰু নি…পাঠ-মালাপঢ়ক →প্ৰবন্ধসম্মানঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।পাঠ-মালাপঢ়ক →প্ৰবন্ধমিঠা মাত আৰু সদয় ব্যৱহাৰসকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয…পাঠ-মালাপঢ়ক →নাটককানীয়াৰ কীৰ্ত্তন — প্ৰথম অঙ্ক, প্ৰথম দৰ্শন (অংশ)ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।কানীয়াৰ কীৰ্ত্তনপঢ়ক →প্ৰবন্ধএজন মহগিৰীৰ কথাযি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰু…পাঠ-মালাপঢ়ক →
হেমচন্দ্ৰ বৰুৱা — লেখকৰ পৃষ্ঠা →