Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

এজন মহগিৰীৰ কথা

যি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰুৱায়, এনে নহয়; আশা কৰা বস্তুকো নেপাই দুখত পৰে।

এটা মানুহৰ নিতৌ পাঁচ সেৰ মান গাখীৰ দিয়া এজনী ডিৰা মহ আছিল, আৰু সেই গাখীৰৰ দ্বাৰা তাইৰ গৰাকীৰ কোনো প্ৰকাৰে জীৱিকা চলিছিল। কিছু কালৰ পাচত সি ভাবিলে যে, মহজনী খুঁটিত বান্ধি নথৈ হাবিত মেলি দিলে, তাই মুকলিমূৰে, আপোন ইচ্ছাৰে, ভাল ঘাঁহ খাবলৈ পাই আৰু অধিক গাখীৰ দিব, আৰু বনৰীয়া মতাৰ লগ পোৱাত জাগিবও পাৰিব; তাতে তাৰ লাভৰ পৰিমাণ বেচি হৈ সি চহকী হব। এইৰূপে চিন্তা কৰি সি মহ হাবিলৈ এৰি দিলে, কিন্তু তাই বনৰীয়া মহৰ জাকত সোমাই ঘৰলৈ উলটি নাহিল। তাতে তাৰ আগৰ সম্পত্তিও হেৰাল।

উৎস: হেমচন্দ্ৰ বৰুৱা, পাঠ-মালা (প্ৰথম প্ৰকাশ ১৮৮২; চতুৰ্দশ তাঙৰণ, হেমকোষ প্ৰকাশন, ১৯৮৬), পৃ. ১৭–১৮ — স্কেন: ৱিকিউৎস / Wikimedia Commons
প্ৰথম প্ৰকাশ: ১৮৮২

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

প্ৰবন্ধপৰিশ্ৰমৰ সুগুণমানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন…পাঠ-মালাপঢ়ক →প্ৰবন্ধঅঙ্গ-পৰিচালনাযাৰ গা নিৰ্ব্বল আৰু ৰুগীয়া তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে; এতেকে শৰীৰ যেন সবল আৰু নি…পাঠ-মালাপঢ়ক →প্ৰবন্ধদুজন উকীলৰ কথা“লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যি লোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰা আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা …পাঠ-মালাপঢ়ক →নাটককানীয়াৰ কীৰ্ত্তন — প্ৰথম অঙ্ক, প্ৰথম দৰ্শন (অংশ)ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।কানীয়াৰ কীৰ্ত্তনপঢ়ক →প্ৰবন্ধসম্মানঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।পাঠ-মালাপঢ়ক →প্ৰবন্ধমিঠা মাত আৰু সদয় ব্যৱহাৰসকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয…পাঠ-মালাপঢ়ক →
হেমচন্দ্ৰ বৰুৱা — লেখকৰ পৃষ্ঠা →