গুণৰ মুৰলীধাৰী গুণ-অভিৰাম,
এৰাবাৰী অসমত গাই জাতি নাম,
নিস্তেজ, নিৰ্গুণী, নিৰ্জ্জু অসমীয়া চাই,
আগুৱালাঁ দুটি খোজ বাট দেখুৱাই।
তিতালাৱে ছাটি ধৰা এৰা-ঘৰ-ভেঁটি,
চিকুনাই উলিয়ালাঁ পুৰণি কীৰিতি।
বুৰঞ্জীত আঁক পাৰি গণি পূৰ্ব্ব কাম,
নুমাব লগীয়া কত উদ্ধাৰিলাঁ নাম;
‘অসম-বন্ধু’ চাকিটি ধৰি এটি হাতে,
দেশী ভাই হাত ধৰি উন্নতিৰ বাটে,
ধৰিলাঁ গহীন খোজ কৰি আলোচনা,
চকু-গজা হল ডেকা গুচি দিন-কণা।
গুণৰ নোলোৱা গুণ অগুণকাৰী জাতি,
স্মৃতিতো এতিয়া নানে তৱ গুণ-ভাতি!
Assamese · অসমীয়া
Related poems
নাৰায়ণ চৰণে কৰোহো গোহাৰি – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
কাকো আৰু হিয়া নিবিলাওঁ – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
মুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩) – মাধৱদেৱAssamese Classicsমাধৱদেৱ
অৱশেষ – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
মোৰ দেশ (অ মোৰ আপোনাৰ দেশ) – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
ৰাম পৰম ধন চিন্তহু মন ভাই – মাধৱদেৱAssamese Classicsমাধৱদেৱ



