Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

তুমি মোৰ নাভাঙিবা ভুল

তুমি মোৰ নাভাঙিবা ভুল,
গাথিছিলোঁ মালা ধাৰি আকাশ কুসুম পাৰি
আবেগত পৰাণ আকুল।
ওপৰত হাঁহি হাঁহি তৰাই পাতিলে খুল
দেখি মোৰ জীৱনৰ ভুল।

এই থাকোঁ নাওখনি বাই,
জোনৰ পোহৰ পৰি চিক মিক কৰি কৰি
পানীৰ লহৰী নচা একে থিৰে চাই,
জীৱনৰ গীত গাই গাই,
সৰগ নিজৰি পৰা সুৱদি মদিৰা চুমি
আবেগত পৰাণ উটাই
নাও খনি সোঁতে লই যায়।

বতাহৰ বিয়াকুল সুৰ——
দূৰ দূৰণিত ভাহি কেনিবাদি উৰি আহি
বুকুত লুকাই আনে অতীতৰ সুৰ,
সোঁৱৰণী অতি সুমধুৰ।
হেৰোৱা জেউতি পৰি অন্তৰ জিলিকি উঠে
উলাহতে হিয়া ভৰপুৰ,
অতীতৰ সুমধুৰ সুৰ।

সপোনৰ সৰগ আমাৰ
সুকীয়া সৰগ নাই মিছাতে বিছাৰি হায়
নকবা চকুলো টুকি সপোন অসাৰ,
নুতুলিবা ঢউ নিৰাশাৰ।
দিঠকৰ দানৱৰ নিকৰুণ পৰশত
নেভাঙিবা কৰি চুৰমাৰ
সপোনৰ সৰগ আমাৰ।
সপোনতে ফুলে যেন জীৱনৰ ফুল,
সপোনতে মিলি য'ক জীৱনৰ ইকুল সিকুল
তুমি মোৰ নেভাঙিবা ভুল।

উৎস: বনফুল (১৯৫২), পৃ. ৯–১০ — ৱিকিউৎসৰ স্কেন
প্ৰথম প্ৰকাশ: ১৯৫২

Leave a Reply

Your email address will not be published. Required fields are marked *